ঘােচ লৈ পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল! নগৰবেৰাৰ পিছত এইবাৰ…

ঘােচ লৈ পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল! নগৰবেৰাৰ পিছত এইবাৰ…

August 4, 2022 Off By NEWS DESK

নিউজ ডেস্ক। বুধবাৰে ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই লক্ষীপুৰত এগৰাকী বন বিষয়া আৰু নগৰবেৰাত এগৰাকী লাট মণ্ডলক উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে পুনৰ এগৰাকী লাট মণ্ডলক ঘােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।

এগৰাকী সাধাৰণ নাগৰিকৰ পৰা কামৰ বিনিময়ত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে ভিজিলেঞ্চৰ দলে হাতে লোটে কৰায়ত্ত কৰে সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল হৰি প্ৰসাদ দাসক।

ইয়াৰ পিছতে লাট মণ্ডলজনক কাৰ্যালয়তে মাৰাথন জেৰা চলাই গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটােৱে।

এই কথা টুইট কৰি প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

লগতে চাওকঃ

ৰেঞ্জাৰৰ পাছত এইবাৰ মণ্ডল! ঘােচ লৈ জালত পৰিল ভিজিলেঞ্চৰ