ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক অনুপ কটকী

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক অনুপ কটকী

September 3, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল অসম আৰক্ষীৰ খাকী পােছাক।

এগৰাকী আচামীৰ পৰা ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এগৰাকী উপ-পৰিদৰ্শক।

এইবাৰ নগাঁও জিলাৰ কচুৱা আৰক্ষী নিবেশত চলিল অসম সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

শনিবাৰে সন্ধিয়া উৎকােচ লৈ থকা অৱস্থাত কচুৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অনুপ কটকীক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে।

সম্প্ৰতি আৰক্ষী নিবেশত উপ-পৰিদৰ্শক অনুপ কটকীক জেৰা অব্যাহত ৰাখিছে ভিজিলেঞ্চৰ অভিযানাকাৰী দলটােৱে।