ঘোচখোৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত অভিযান, নগদ ৭ লাখ ৭৩ হাজাৰ টকা জব্দ

ঘোচখোৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত অভিযান, নগদ ৭ লাখ ৭৩ হাজাৰ টকা জব্দ

September 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ঘোচ লৈ হাতে-লোটে ধৰা পৰা যোৰহাটৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাৰ বাসগৃহত এইবাৰ চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

ঘোচখোৰ বিষয়া জাহ্নৱী কলিতাৰ বাসগৃহৰ পৰা উদ্ধাৰ ৭ লাখ ৭৩ হাজাৰ ৭০০ টকা নগদ ধন।

উল্লেখ্য যে, শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাক।

ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দাবী কৰা ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী।

ইয়াৰ পিছতে তেওঁৰ বাসগৃহত অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই।

এই অভিযানকালতো জব্দ হয় বৃহৎ পৰিমাণৰ নগদ ধন।

এই সন্দৰ্ভত টুইটযোগে জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।