ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! এইবাৰ গ্ৰেপ্তাৰ বিট অফিচাৰ আৰু বনৰক্ষক…

ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে! এইবাৰ গ্ৰেপ্তাৰ বিট অফিচাৰ আৰু বনৰক্ষক…

February 3, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ লোভে পাপ, পাপে কাৰাগাৰ!

দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা বেচিকৈ অৰ্জাৰ লোভত পুনৰ হাত দাঙিলে দুজনকৈ চৰকাৰী কৰ্মচাৰীয়ে।

ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ঘোচখোৰ চৰকাৰী কৰ্মচাৰী দুজন।

শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে ওদালগুৰিৰ ধনশিৰি বন সংমণ্ডল সদৰৰ বিট অফিচাৰ লাচিত বৰা আৰু বনৰক্ষক বিনেশ দৈমাৰীক।

উল্লেখ্য যে, এই ঘোচখোৰ বিষয়া-কৰ্মী দুজনে বনজ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰা ফেৰীৰ চলাচলত অনুমতি প্ৰদানৰ বাবে ঘোচ লৈছিল।

কিন্তু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে।