নিউজ ডেস্ক। ৰেলপথত জংঘলৰ পৰা ওলাই আহিছে হাতীৰ জাক। আনহাতে, সেই সময়ত গৈ আছে ইণ্টাৰচিটি এক্সপ্ৰেছ।
হাতীৰ জাকটোত আছে প্ৰায় ১০/১২ টা হাতী।
সেই দৃশ্য দেখি ৰেলখনৰ দুই চালকে ললে তাৎক্ষণিক পদক্ষেপ। মাৰিলে জৰুৰী ব্ৰেক। যাৰ ফলত কিছু দূৰত ৰৈ গল ৰেলখন আৰু ৰক্ষা পৰে হাতীকেইটাৰ জীৱন।
হাতীৰ জাকটো পাৰ হৈ যোৱাৰ পিছত চালকে পুনৰ এৰে ৰেলখন।
At about 17.15 hrs today, Loco Pilot & Asst.LP of 05767 Intercity Spl Sri Paritosh Das & N.Pal suddenly noticed one Herd of 12-15 Elephants crossing the track at KM 19/8 between Gulma- Sivok & applied Emergency brake to control the train. @RailNf @RailMinIndia @wti_org_india pic.twitter.com/HmuK3pSejp
— DRM APDJ (@drm_apdj) August 26, 2021
এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দৃশ্যটো পশ্চিম বংগৰ গুলমা-চিভক ৰেলপথৰ।
বৃহস্পতিবাৰে আবেলি ৫:১৫ মান বজাত ৰেলখন সেই স্থান পাওঁতেই সেই দৃশ্য বন্দী হয়।
উল্লেখ্য যে ০৫৭৬৭ নম্বৰৰ বিশেষ ইণ্টাৰচিটি ৰেলখনৰ চালক দুজন আছিল ক্ৰমে পাৰিতোষ দাস আৰু এন পাল। এই কাৰ্যৰ বাবে দুয়োকে বৰ্তমান সকলোৱে কৰিছে প্ৰশংসা।
উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৰ অন্তৰ্গত বিভিন্ন ৰে’লপথত হস্তী দণ্ডীৰ মাজেৰে ৰে’লৰ অত্যধিক গতিৰ বাবে বিভিন্ন সময় ৰে’লৰ চেপাত বহু বনৰীয়া হাতীৰ অকাল মৃত্যু ঘটিছে।