চাঞ্চল্যকৰ!পূজাৰ ছুটীত আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী স্বামী বাবুল আলীৰ, আটক

চাঞ্চল্যকৰ!পূজাৰ ছুটীত আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী স্বামী বাবুল আলীৰ, আটক

October 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পত্নীক হত্যাৰ অপচেষ্টা চলাই এইবাৰ আৰক্ষীৰ হাতত আটক হ’ল খোদ এজন আৰক্ষী জোৱান।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীৰ জুৰীয়াত।

আত্মীয়ৰ ঘৰতে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে বাহুল আলী নামৰ আৰক্ষী জোৱানজনক।

ইফালে আৰক্ষী স্বামীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে পত্নী।

জানিব পৰা মতে, চামগুৰি আৰক্ষী চকীৰ কনিষ্টবল বাবুল আলীয়ে পূজাৰ মাজতে পত্নীক লগত লৈ জুৰীয়াৰ দগাঁওস্থিত আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল।

তাতেই কোনো কথাত পতি-পত্নীৰ মাজত কাজিয়া আৰম্ভ হয়।

এই কাজিয়াৰ মাজতে আৰক্ষী স্বামী বাবুল আলীয়ে পত্নীৰ মূৰত দা-ৰে আক্ৰমণ কৰে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী।

ঘটনাৰ পিছতে দগাঁও পহৰা চকীৰ আৰক্ষীয়ে আটক কৰে অভিযুক্ত কনিষ্টবল বাবুল আলীক।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।