চাঞ্চল্যকৰ! আলফালৈ যাম বুলি এসপ্তাহে সন্ধানহীন অৰ্পিতা গগৈ, হাহাকাৰ লাগিছে পৰিয়ালত…

চাঞ্চল্যকৰ! আলফালৈ যাম বুলি এসপ্তাহে সন্ধানহীন অৰ্পিতা গগৈ, হাহাকাৰ লাগিছে পৰিয়ালত…

December 6, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আলফালৈ যাম বুলি এসপ্তাহে চৰাইদেউৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, যোৱা ২৮ নৱেম্বৰৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল চৰাইদেউজিলাৰ মাহমৰাৰ কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে।

পিছত মাতৃৰ সৈতে হোৱা হোৱাটছএপৰ কথা বতৰাত আলফালৈ যাম বুলি গৈছিল অৰ্পিতাই।

তাৰ পিছৰে পৰা ছাত্ৰীগৰাকী সন্ধানহীন হৈ থকাত এতিয়া কন্যা আলফা স্বাধীনত যোগদানৰ বাবে যোৱাৰ সন্দেহ কৰিছে পিতৃ-মাতৃ আৰু পৰিয়ালে।

ছাত্ৰীগৰাকীৰ নিৰুদ্দিষ্ট হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাত।

ইফালে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, অৰ্পিতাই আলফাত যোগদান কৰাৰ সন্দেহ ব্যক্ত কৰি আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।

বিপৰীতে অৰ্পিতা গগৈয়ে প্ৰেমিকৰ সৈতেহে পলাই যোৱা বুলিহে দাবী কৰিছে আৰক্ষীয়ে।