চাঞ্চল্যকৰ! মহানগৰীত ৰখাই থোৱা বলেৰ’ৰ ভিতৰত উদ্ধাৰ কংকণৰ মৃতদেহ…

চাঞ্চল্যকৰ! মহানগৰীত ৰখাই থোৱা বলেৰ’ৰ ভিতৰত উদ্ধাৰ কংকণৰ মৃতদেহ…

September 26, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ মহানগৰীৰ চচলত এখন গাড়ীৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সোমবাৰে চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

জানিব পৰা মতে, এএছ ০১বিএম ২৮০৬ নম্বৰৰ বলেৰ’ বাহনখনৰ ভিতৰত উদ্ধাৰ হয় মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো কামৰূপ জিলাৰ কমলপুৰৰ কংকণ কলিতা নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে।

ইফালে ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

মহানগৰীৰ চচলৰ দৰে ব্যস্ত অঞ্চলত মৃতদেহটো কেনেদৰে উদ্ধাৰ হ’ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।