চাঞ্চল্যকৰ! সহকৰ্মী মহিলা কনিষ্টবলক হত্যা, তাৰ পিছতে নিজেও চৰম সিদ্ধান্ত ল’লে ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ আৰক্ষী জোৱানে…

চাঞ্চল্যকৰ! সহকৰ্মী মহিলা কনিষ্টবলক হত্যা, তাৰ পিছতে নিজেও চৰম সিদ্ধান্ত ল’লে ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ আৰক্ষী জোৱানে…

January 30, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ এগৰাকী মহিলা সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও চৰম সিদ্ধান্ত ল’লে এগৰাকী আৰক্ষী জোৱানে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰত।

জানিব পৰা মতে, ফিৰোজপুৰ কেণ্টনমেণ্ট থানাত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত হৈ থকা মহিলা কনিষ্টবল অমনদ্বীপ কৌনক নিজৰ চাৰ্ভিছ পিষ্টেলেৰে গুলীয়াই হত্যা কৰে পঞ্জাৱ আৰক্ষীৰ স্বাট টীমৰ সদস্য গুৰসেৱাক সিঙে।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই আৰক্ষী জোৱানজনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত মোগা জিলাত জোৱানজনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়।

আৰক্ষীয়ে জোৱানজনে চাৰ্ভিছ পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে।

এটি ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ গুৰসেৱাক সিঙে কি কাৰণে সহকৰ্মী মহিলা কনিষ্টবলগৰাকীক হত্যা কৰিলে তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।