
চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত ঠিক হৈছিল বিয়া, তাৰ পূৰ্বেই ৰহস্যজনভাৱে উদ্ধাৰ মুখ্যমন্ত্ৰীৰ আৱাসত কৰ্তব্যৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ…
January 22, 2023নিউজ ডেস্কঃ বিয়ালৈ মাজত আৰু এসপ্তাহো নাই। ইতিমধ্যে সম্পন্ন হৈছিল যা-যোগাৰ।
মাত্ৰ দুদিন পূৰ্বে হ’বলগীয়া পত্নীক লগত লৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল পিএচি জোৱান বিপিন কুমাৰ। পৰিয়ালৰ সকলোৰে লগতে বিয়াখনক লৈ সুখী আছিল তেৱোঁ।
কিন্তু বিয়া সম্পন্ন হোৱাৰ পূৰ্বেই গাড়ীৰ ভিতৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
শোকত ভাগি পৰিছে ভাৱীপত্নীৰ লগতে পৰিয়ালৰ সকলো সদস্য। আত্মহত্যা নে হত্যা, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

জানিব পৰা মতে, শুকুৰবাৰে পিএচিৰ বাহনৰ ভিতৰত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হয় উত্তৰ প্ৰদেশৰ পিএচিৰ জোৱান তথা আলিগড়ৰ নিৱাসী বিপিন কুমাৰৰ মৃতদেহ।
২০২১ চনৰ পিএচি জোৱান বিপিন কুমাৰে শুকুৰবাৰে লক্ষ্ণৌৰ মুখ্যমন্ত্ৰী আৱাসত কৰ্তব্য সম্পাদন কৰি সন্ধিয়া ৬ বজাত পিএচিৰ বাহনেৰে ৰামাবাই স্থলস্থিত কেম্পলৈ উভতিছিল।
কিন্তু তাৰ পিছতে জোৱানজনৰ মৃতদেহ বাহনৰ ভিতৰতে ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
জনিব পৰা মতে, অহা ২৬ জানুৱাৰীত বিয়া ঠিক হৈছিল জোৱান বিপিন কুমাৰৰ। মাত্ৰ দুদিন পূৰ্বে জোৱানজনে হ’বলগীয়া পত্নীক লগত লৈ বজাৰ-সমাৰ কৰিছিল।
জোৱানজনৰ এনে আকস্মিক আৰু ৰহস্যজনক মৃত্যুক শোকাহত হৈ পৰিছে পৰিয়াল।
[…] […]
[…] […]