ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

নিউজ ডেস্ক। এখন ব্যতিক্ৰমী আৰক্ষী থানা। থানাখনত কোনোৱে গোচৰ দিব আহিলে তেওঁ লাভ কৰে এবটল গংগাজল আৰু কপালত এটা ফুট। এই উপহাৰ অভিযোগকাৰীক প্ৰদান কৰে থানাখনৰ আৰক্ষী বিষয়াই।

এই ব্যতিক্ৰম থানা খন হৈছে উত্তৰ প্ৰদেশৰ মিৰুটৰ নৌসন্দি আৰক্ষী থানা। যিখন থানা আৰু থানাখনৰ এজন আৰক্ষী বিষয়াই দখল কৰিছে বাতৰিৰ শিৰোনাম।

থানাখনত কোনো লোক প্ৰৱেশ কৰাৰ পিছতেই তেঁওৰ গাত পানী ছটিয়াই থানাখনৰ আৰক্ষী বিষয়া প্ৰেম চন্দ্ৰ শৰ্মাই। তেওঁ বিশ্বাস কৰে যে ভক্তিৰে আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পৰা যায়।

তেওঁ এই সন্দৰ্ভত কয় যে, “মোৰ পৰীক্ষাই সফলতা লাভ কৰিলে। জনসাধাৰণৰ পুৰ্বতকৈ খং, ক্ষোভ হ্ৰাস পাইছে। তেওঁলোক ইয়ালৈ আহে আৰু শান্তভাৱে তেওঁলোকৰ অভিযোগ দিয়ে। সমগ্ৰ নৌসন্দি অঞ্চলটো শান্ত হৈ পৰিছে। এতিয়া কোনো অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে বিশেষ পদক্ষেপ লবলগীয়া নহয়।”

উল্লেখ্য যে, হােলী উপলক্ষে থানাখনলৈ অহা প্ৰত্যেকজন লোকক বিষয়াজনে একোটাকৈ গংগাজলৰ বটল দি মাদক দ্ৰৱ্যৰ পৰা আঁতৰত থাকিবলৈ জনায়।

তেওঁ কয় যে, “জনসাধাৰণে হােলী উপলক্ষে সুৰাৰ বটল উপহাৰ দিয়াৰ পৰিৱৰ্তে গংগাজলৰ বটলহে উপহাৰ হিচাপে দিব লাগে। গংগাজল হৈছে চেনিটাইজাৰ। যিয়ে সকলো ৰোগ প্ৰতিৰোধ কৰি ৰাখে।”

অৱশ্যে থানাখনৰ আন জ্যেষ্ঠ বিষয়া সকলে আৰক্ষীৰ বিষয়াজনৰ এই কাৰ্য সন্দৰ্ভত একো নাজানে বুলি মন্তব্য কৰে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক বিনীত ভাটনগৰে কয়, “সকলো থানাতে চেনিটাইজাৰ ৰখা হয়। কিন্তু তাত কিয় তাৰ পৰিৱৰ্তে গংগাজল ব্যৱহাৰ কৰা হয় নাজানো। ইয়াক লক্ষ্য কৰিব লাগিব।”

লগতে চাওকঃ

IIT Delhi ৰ চমক! ২੦ পইচাত ১ কিলােমিটাৰ চলিব পৰা ইলেকট্ৰিক স্কুটাৰ HOPE উদ্ভাৱন

ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে ৪ দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘােষণা ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ

Leave a Comment