ছুটি লৈ ঘৰলৈ অহা সেনা জােৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন ভাৰতীয় সেনাৰ জোৱানে।

এই দুৰ্ঘটনা মংগলবাৰে সংঘটিত হয় উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম নগৰীত। নিহত সেনা জোৱান জনক বস্তি জিলাৰ চাৱনি পছবছৰ বিবেক সিং বুলি জানিব পৰা যায়।

এজন স্থানীয় লোকে জনোৱা অনুসৰি, সেনা জোৱানজনে এগৰাকী মহিলা সহ এখন মটৰ চাইকেলত আহি আছিল।

তুলসী উদ্যান পোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী বাহনে খুন্দা মাৰে তেওঁলোকক।

দুয়োকে ততাতৈয়াকৈ শ্ৰীৰাম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও বিবেক সিঙৰ চিকিৎসালয়ত মৃত্যু হয়। খুন্দা মৰা বাহনখন দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে।

ঘটনাৰ পিছতেই স্থানীয় লোকে আৰক্ষী আৰু জোৱানজনৰ আত্মীয়ক খবৰ দিয়ে।

আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।

জোৱান বিবেক সিং শ্ৰীনগৰত কৰ্মৰত। তেওঁ ছুটীত লৈ বিগত এসপ্তাহে পৰিয়ালৰ সৈতে আছিল।

মৃত্যুৰ সময়ত জােৱানজনে পত্নীৰ লগতে এটি দুবছৰীয়া সন্তানক এৰি থৈ যায়।

Leave a Comment