জটিল ৰােগত আক্ৰান্ত পিতৃ চেন্নাইত চিকিৎসাধীন, পথ দুৰ্ঘটনাত অকাল মৃত্যু একমাত্ৰ পুত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিমিষতে থানবান হৈ গ’ল এটা পৰিয়াল।

জটিল ৰােগত আক্ৰান্ত পিতৃ চিকিৎসাৰ বাবে চেন্নাইত চিকিৎসাধীন হৈ থকাৰ সময়তে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল একমাত্ৰ পুত্ৰ সন্তানৰ।

এই কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত।

জানিব পৰা মতে, সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ গৈ কৰুণ মৃত্যুক আকােৱালি ল’লে ফৰিদুল ইছলাম (২২) নামৰ এজন উদীয়মান ইউটিউবাৰে।

G4

এই ঘটনা সংঘটিত হৈছে মেঘালয়ৰ পশ্চিম গাৰােপাহাৰ জিলাৰ ফুলবাৰী-গােমাইঝোৰাত।

জানিব পৰা মতে, দেওবাৰে কেইজনমান বন্ধুৰ সৈতে বাইকেৰে ফকিৰগঞ্জৰ পৰা হাটশিঙীমাৰী লৈ গৈছিল ফৰিদুল।

তেনে সময়তে বাইকৰ পৰা পথৰ দাঁতিৰ খাৱৈত পৰে ফৰিদুল ইছলাম (২২) নামৰ যুৱকজন। এই ঘটনাৰ ফলত থিতাতে মৃত্যু হয় ফৰিদুলৰ।

236753542-2662883983856481-7089227351712076266-n

ফৰিদুল দক্ষিণ শালমাৰাৰ এজন জনপ্ৰিয় ইউটিউবাৰ। এই ঘটনাই বৃহত্তৰ অঞ্চলটােত গভীৰ শােকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, ফৰিদুল ফকিৰগঞ্জৰ সাজাহান মোল্লাৰ একমাত্ৰ পুত্ৰ। স্নাতকৰ বিজ্ঞান শাখাত অধ্যয়নৰত আছিল ফৰিদুল।

86e496bf-42a3-4711-8be3-354ac66ea46d

দুৰ্ভাগ্যজনক কথাটাে হ’ল যে ফৰিদুলৰ পিতৃ জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চেন্নাইত চিকিৎসাধীন হৈ আছে। লগতে আছে মাতৃও।

একমাত্ৰ পুত্ৰৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই নিঠৰুৱা কৰি পেলালে পিতৃ-মাতৃক।

Leave a Comment