জনপ্ৰিয় অভিনেত্ৰী সাৰান্য সাচিৰ ৩৫ বছৰ বসয়ত মৃত্যু

নিউজ ডেস্ক। জনপ্ৰিয় মালায়ালাম অভিনেত্ৰী সাৰান্য সাচিৰ মৃত্যু।

৩৫ বছৰ বয়সত মৃত্যুবৰণ কৰে অভিনেত্ৰী গৰাকীয়ে।

সোমবাৰে কেৰেলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় অভিনেত্ৰী সাৰান্য সাচিৰ।

জানিব পৰা মতে, অভিনেত্ৰী গৰাকীয়ে যোৱা এবছৰ ধৰি ভুগি আছিল ব্ৰেইন টিউমাৰত।

তেওঁৰ চিকিৎসাও অব্যাহত আছিল। চিকিৎসাৰ বাবে তেওঁৰ কেইবাবাৰো অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল।

চিকিৎসাৰ বাবে তেওঁ আৰ্থিক সংকটতো ভুগিছিল। সেই সময়ত তেওঁক তেওঁৰ বন্ধু-বান্ধৱী আৰু শুভাকাংশীসকলে চিকিৎসাৰ বাবে অৰ্থ যোগান ধৰিছিল।

উল্লেখ্য যে টিউমাৰৰ চিকিৎসাৰত অৱস্থাত যোৱা মে’ মাহত তেওঁ কভিড আক্ৰান্ত হৈছিল।

তেওঁ কভিড জয় কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছিল।

সাৰান্য সাচিৰ ঘৰ কেৰেলাৰ কান্নোৰ জিলাৰ পাজায়ান গাদিত। তেওঁ মালায়ালাম ছবি ‘চাকো ৰন্দমন’ আৰু ‘চত্তা মুম্বাই’ত অভিনয় কৰিছিল। ইয়াৰোপৰি তেওঁ এগৰাকী দূৰদৰ্শনৰ জনপ্ৰিয় নায়িকা আছিল।

Leave a Comment