জামিনত মুক্তি লাভ কৰি এই কথা ক’লে জােনমণি ৰাভাই…

নিউজ ডেস্ক। প্ৰৱঞ্চনাৰ গােচৰত নিলম্বনৰ পিছত এমাহৰাে অধিক সময় কাৰাৰুদ্ধ হৈ থকা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাক অৱশেষত জামিন প্ৰদান কৰিলে ন্যায়ালয়ে।

নিজৰ ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গােচৰত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চালাভ কৰাৰ পিছত নিজেই প্ৰৱঞ্চনাৰ গােচৰত অভিযুক্ত হৈ ৪ জুনত গ্ৰেপ্তাৰ হৈছিল এছআই জােনমণি ৰাভা।

এমাহৰাে অধিক সময় কাৰাবন্দী হৈ থকা জােনমণি ৰাভাক শুকুৰবাৰে মাজুলীৰ সত্ৰ আদালতে জামিন প্ৰদান কৰে।

জামিন লাভৰ পিছত মাজুলীত সংবাদ মাধ্যমত আগত মন্তব্য কৰি জােনমণি ৰাভাই কয়, ‘মই নিৰ্দোষী, ৰাণা পগাগে মোক ফচালে। ৰাণাৰ বাবেই মই কাৰাবাস খাটিব লগীয়া হ’ল।’

জােনমণি ৰাভাই আৰু কয় যে ৰাণা পগাগক বিশ্বাস কৰাটােৱেই মােৰ ভুল আছিল। সেই ভুলৰ বলি হােৱা বুলি জােনমণিয়ে মন্তব্য কৰে।

নিজকে হাজাৰবাৰ নিৰ্দােষী বুলি ক’ব বুলি কৈ জােনমণিয়ে কয় যে সন্মানীয় ন্যায়ালয়ে মােক ন্যায় প্ৰদান কৰিব।

লগতে চাওকঃ

টিফিন খাবলৈ বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত বহিছিল হীৰাক্ষী, তেনে সময়তে ঘটিল কৰুণ ঘটনা…