টিফিন খাবলৈ বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত বহিছিল হীৰাক্ষী, তেনে সময়তে ঘটিল কৰুণ ঘটনা…

নিউজ ডেস্ক। এক অকল্পনীয় ঘটনা।

দূপৰীয়াৰ আহাৰৰ বাবে ঘৰৰ পৰা লৈ অনা টিফিন খুলি বিদ্যালয়ৰ চৌহদত থকা গছৰ তলত জিৰাইছিল হীৰাক্ষী।

লগত আছিল বান্ধৱীৰ আৰু আন কেবাজনাে সহপাঠী।

তেনে সময়তে ঘটিল এক কৰুণ ঘটনা।

যিডাল গছৰ তলত বহি খাদ্য গ্ৰহণ কৰিছিল, সেইডাল গছে কাঢ়ি নিলে হীৰাক্ষীৰ প্ৰাণ।

দুৰ্ভগীয়া হীৰাক্ষী

এই শোকাবহ ঘটনা সংঘটিত হৈছে চণ্ডীগড়ৰ ৯নং চেক্টৰৰ কাৰমেল কনভেণ্ট স্কুলত।

জানিব পৰা মতে, চহৰখনৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ অন্যতম কাৰমেল কনভেণ্ট স্কুলত থকা ২৫০ বছৰ পুৰণি এজোপা গছৰ ডাল শুকুৰবাৰে ভাঙি পৰে।

যাৰ ফলত সেই সময়ত গছজোপাৰ তলত খেলি থকা ১৯ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু এগৰাকী মহিলা পৰিচাৰিকা গুৰুতৰভাৱে আহত হয়।

আহত সকলক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও এগৰাকী ১৬ বছৰীয়া ছাত্ৰীক মৃত ঘোষণা কৰে চিকিৎসকে।

অকাল মৃত্যুক সাৱটি লোৱা ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ দশম শ্ৰেণীত অধ্যয়নৰত হীৰাক্ষী বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত আন ১১ গৰাকী শিক্ষাৰ্থীক স্বাস্থ্য সেৱা সঞ্চালকৰ তত্বাৱধানত জিএমএছএইচত ভৰ্তি কৰোৱা হৈছে।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা পৰিচাৰিকাগৰাকীক অন‍্য এগৰাকী ছাত্ৰীসহ জিএমএছএইচৰ পৰা পিজিআইএমইআৰলৈ স্থানান্তৰ কৰা হৈছে আৰু বৰ্তমান পিজিআইএমইআৰৰ চিকিৎসকসকলৰ নিৰন্তৰ নিৰীক্ষণত আছে।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, জিলা প্ৰশাসনে এই ২৫০ বছৰ পুৰণি গছজোপাক ঐতিহ্যচিহ্ন হিচাপে ঘোষণা কৰি ৰাখিছিল।

লগতে চাওকঃ

প্ৰৱঞ্চনাৰ গােচৰত এমাহৰাে অধিক সময় কাৰাবন্দী জােনমণি ৰাভাৰ জামিন লাভ, মুকলি হৈয়ে সাংবাদিকৰ আগত ক’লে এই কথা…