টকিঅ’ত ইতিহাস সৃষ্টি লাভলীনাৰ! কোৱার্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যাৰ

নিউজ ডেস্ক। আজি প্ৰথমবাৰলৈ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিল অসম কন্যা লাভলীনা বৰগোহাঁই। 

ৰিঙত নামিয়েই লাভলীনাই সৃষ্টি কৰিলে ইতিহাস।

পুৱা ১০.৫৭ বজাত ৬৯ কেজি ওজন শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত লাভলীনাই ধৰাশায়ী কৰিলে জাৰ্মান প্ৰতিদ্বন্দ্বীক।

জাৰ্মানীৰ নাদিনী এপেজৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিলে অসম কন্যা লাভলীনা বৰগােহাঁইয়ে।

৩-২ ৰ ব্যৱধানৰ এই জয়ৰ লগে লগে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত হ’ল লাভলীনাৰ।

উল্লেখ্য যে অহা ৩০ জুলাইত লাভলীনাই কোৱাৰ্টাৰ ফাইনেল মেচত ৰিঙত নামিব।

জয়লাভৰ মুহূৰ্ত

এই মেচখনত যদি লাভলীনাই জয় লাভ কৰে, তেন্তে তেওঁৰ বাবে এটা পদক নিশ্চিত হ’ব। সেয়েহে অসমবাসীৰ প্ৰাথনা যাতে লাভলীনা বৰগোহাঁইয়ে পদক জয় কৰিব পাৰে।

উল্লেখ্য যে গোলাঘাটত জন্মগ্ৰহণ কৰা লাভলীনা বৰগোহাঁই হৈছে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ।

Leave a Comment