টকিঅ’ত স্বৰ্ণজয়ী নিৰজ চােপ্ৰা ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ

নিউজ ডেস্ক। অৱশেষত টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে স্বৰ্ণ পদক আজুৰি আনিলে এথলিট নিৰজ চােপ্ৰাই।

দুৰ্দান্ত প্ৰদৰ্শনেৰে জেভেলিন থ্ৰ’ত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে উপনীত হ’ল নিৰজ চােপ্ৰা।

নিৰজৰ এই সাফল্যত গৌৰৱান্বিত দেশবাসী।

আনন্দৰ বন্যা বৈছে নিৰজৰ ওপজা ঠাই হাৰয়ানাৰ পানীপতত।

এই ফাইনেল খেলৰ বাবে অপেক্ষাৰত আছিল দেশবাসী আৰু দেশবাসীৰ আশা পূৰণ কৰি স্বৰ্ণজয় কৰিলে নিৰজ চােপ্ৰাই।

উল্লেখ্য যে নিৰজ চােপ্ৰা ভাৰতীয় সেনাত কৰ্মৰত। তেওঁ সেনাৰ চুবেদাৰ। নিৰজ চােপ্ৰাৰ জন্ম হৈছিল ২৪ ডিচেম্পৰ ১৯৯৭ ইং তাৰিখে।

মাত্ৰ ২৩ বছৰ বয়সতে দেশবাসীক গৌৰৱান্বিত কৰিলে সেনাৰ জােৱানজনে।

নিৰজৰ এই সাফল্যৰ পাছতে টুইট কৰি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে টকিঅ’ অলিম্পিকত নিৰজ চােপ্ৰাৰ এই সাফল্যৰ বাবে দেশৰ সেনা বাহিনীও গৌৰৱান্বিত। তেওঁ এজন প্ৰকৃত যােদ্ধাৰ দৰেই খেলত প্ৰদৰ্শন কৰিলে। নিৰজৰ এই সাফল্যত সমগ্ৰ দেশৰ লগতে দেশৰ সেনা বাহিনীও গৌৰৱান্বিত।

Leave a Comment