ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

April 10, 2021 0 By NEWS DESK

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰী। তেওঁ গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল।

শনিবাৰে পুৱা হেল্থ চিটি হাস্পতালত তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

জানিব পৰা মতে, যােৱা ৩ এপ্ৰিলত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰােগৰ ভুগি থকা সীমা হাজাৰীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

অৱশ্যে, ভৰ্তি কৰােৱাৰ পিছত ক’ভিড-১৯ ৰ পৰীক্ষাত তেওঁ পজিটিভ ধৰা পৰে।

তেওঁৰ মৃত্যু ক’ভিড-১৯ৰ বাবে স্বাস্থ্যৰ অধিক অৱনতিৰ ফলতে ঘটে বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

তেঁওৰ মৃতদেহ ক’ভিড-১৯ প্ৰ’ট’কল অনুসৰি বিভাগীৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰা হৈছে।

উল্লেখ্য যে বিগত ২৪ ঘণ্টাত ৰাজ্যত ৩ জন লােকে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

লগতে চাওকঃ

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান