ডিঙিত জীৱন্ত সাপ মেৰিয়াই ৰাজপথত বিচৰণ উদণ্ড ব্যক্তিৰ, ৰাইজে কৰায়ত্ব কৰি দিলে লপাথপা

ডিঙিত জীৱন্ত সাপ মেৰিয়াই ৰাজপথত বিচৰণ উদণ্ড ব্যক্তিৰ, ৰাইজে কৰায়ত্ব কৰি দিলে লপাথপা

August 22, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ডিঙিত জীৱন্ত সাপ মেৰিয়াই মহানগৰীৰ ৰাজপথত আতংকৰ সৃষ্টি কৰিলে এজন লোকে। সোমবাৰে মহানগৰীৰ বীৰকুছিত ডিঙিত সাপ মেৰিয়াই দেখা পোৱা যায় ব্যক্তিজনক।

বীৰকুছি অঞ্চলত ব্যক্তিজনৰ ডিঙিত জীৱন্ত সাপ দেখি আতংকিত হৈ পৰে সকলো।

দিনৰ পোহৰতে এনেদৰে বাধাহীন ভাৱে ঘূৰি ফুৰা লোকজনক অৱশেষত কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায় ৰাইজে।

ইয়াৰ পিছতে উদণ্ড লোকজনক গতাই দিয়া হয় আৰক্ষীৰ হাতত। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।