তীব্ৰবেগী ডাম্পাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু দুই যুৱকৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু বাইক আৰােহী দুই যুৱকৰ।

সংঘৰ্ষৰ পিছতে জ্বলি উঠিল দুয়ােখন বাহন।

এই শােকাৱহ পথ দুৰ্ঘটনাৰ সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্রায় ৫.১৫ বজাত সংঘটিত দুৰ্ঘটনাৰ পাচতে দুয়োখন বাহন ৰাজপথতে দাওদাওকৈ জ্বলি উঠে।

ইয়াৰ ফলত ডাম্পাৰখনৰ তলত বাইকখনৰ স’তে সোমাই পৰা বাইক আৰোহী দুজনৰ এজন অগ্নিদগ্ধ হয়।

আনহাতে আনজন আৰোহী ছিটিকি পৰে।

দুৰ্ঘটনাত পতিত ডাম্পাৰখনৰ নম্বৰ এ এছ ১৭ চি ০৩৭৩।

দুৰ্ঘটনাত নিহত যুৱক দুজনৰ নাম শ্বাহৰুখ হক (২৫, ঘৰ-ৰৌমাৰীৰ, পিতৃ- সাবুল শ্বেখ) আৰু আব্দুল ইমান হুছেইন (২৬, আজিজৰ পুত্ৰ)।

শোকাৱহ দুর্ঘটনাটোৰ পাচত অঞ্চলজুৰি হাহাকাৰ তথা আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাজপথৰ মাজতে এইদৰে বালিভর্তি ডাম্পাখন জ্বলি থকাত ৰাজপথটোৰে বহু সময় যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।

দুৰ্ঘটনাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়াত চাপৰ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বহু সময় চেষ্টাৰ ফলত অগ্নি নির্বাপণ কৰিবলৈ সক্ষম হয়।

Leave a Comment