দিন বেয়া! ৰে’লৰ খিৰিকীৰে ম’বাইল চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

দিন বেয়া! ৰে’লৰ খিৰিকীৰে ম’বাইল চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

September 15, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চলন্ত ৰে’লত মোবাইল চুৰি কৰিবলৈ আহি খিৰিকিৰ বাহিৰত ওলমি ৰ’ল এটা মোবাইল চোৰ। এনে এটি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভাইৰেল ভিডিঅ’ৰ স্থান বিহাৰৰ খগৰীয়া ৰে’ল ষ্টেছন বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, মোবাইল চোৰটোৱে খিৰিকিৰে যাত্ৰীৰ মোবাইল থপিয়াব খোজতেই যাত্ৰীৰ হাতত ধৰা পৰে। আনহাতে সেই সময়তে ৰে’লখনে খগৰীয়া ষ্টেছন এৰাত খিৰিকৰ বাহিৰতে ওলমি ৰয় চোৰটো।

ভিডিঅ’টোত চোৰটোৱে যাত্ৰীক হাত এৰি নিদিবলৈ কাকূতি কৰি থকা শুনিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, পূৰ্বেও খগৰীয়া ষ্টেছনত মোবাইল চোৰে খিৰিকিৰে যাত্ৰীৰ মোবাইল থপিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে। কিন্তু এইবাৰ চোৰে চুৰিকাৰ্য কৰিবলৈ আহি এইদৰে ওলমি ৰ’বলগীয়া হয় চলন্ত ৰে’লৰ খিৰিকিৰ বাহিৰত।