দুঃখবৰ! অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰবা’ৰ মৃত্যু

দুঃখবৰ! অসমৰ চোৰাং চিকাৰ বিৰোধী দলৰ অন্যতম সদস্য ‘জৰবা’ৰ মৃত্যু

November 23, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা বন বিভাগৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘জৰবা’ আৰু নাই!

বয়স আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে বিগত কিছুদিন ধৰি অসুস্থ হৈ থাকি ২১ নৱেম্বৰ অৰ্থাৎ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বেলজিয়ামৰ মেলিনয় ট্ৰেকিং ডগৰ অনত্যম জৰবাই।

উল্লেখ্য যে, জৰবা আৰান্যক-ভাৰতৰ অন্যতম বিশিষ্ট জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাৰ প্ৰথম কে ৯ ইউনিটৰ সদস্য আছিল।

বন বিভাগৰ এই প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰটোৱে তাৰ ৮ বছৰীয়া কাৰ্যকালত গঁড় সুৰক্ষা এলেকা সামৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে কেইবাটাও অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জৰবাৰৰ দক্ষতাৰ বলতেই বন বিভাগৰ হাতত কৰায়ত্ত হৈছিল বহু কেইটা দুধৰ্ষ চোৰাং চিকাৰী। আনহাতে জৰবাই বিফল কৰিবলৈ সক্ষম হৈছিল একাধিক চোৰাং চিকাৰৰ প্ৰচেষ্টা।

অসমৰ বন বিভাগৰ হৈ ৮ বছৰীয়া কাৰ্যকালৰ অন্তত শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰিছিল জৰবাই। কিন্তু তাৰ পিছতে শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যুক সাৱটি লয় কুকুৰটোৱে।