দুঃখবৰ! নেমকেয়াৰ হাস্পতালত জীৱন নাট সামৰি শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ

দুঃখবৰ! নেমকেয়াৰ হাস্পতালত জীৱন নাট সামৰি শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিক, লেখক শিৱনাথ বৰ্মনৰ

December 15, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অৱশেষত জীৱন নাট সামৰি বিদায় মাগিলে ৰাজ্যৰ প্ৰবীণ সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মনে।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বিগত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থাকি বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ।

উল্লেখ্য যে, বৃক্ক, হাওঁফাঁওৰ সমস্যাৰ লগতে মধুমেহ, ৰক্তচাপৰ দৰে ৰোগত আক্ৰান্ত হৈ আছিল শিৱনাথ বৰ্মন।

শাৰীৰিক অসুস্থতাৰ বাবে নেমকেয়াৰ হাস্পতালৰ আইচিইউত ৰখা হৈছিল শিক্ষাবিদগৰাকীক।

কিন্তু বুধবাৰৰ পৰাই বৰ্মনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছিল চিকিৎসকে।

প্ৰায় দুকুৰি গ্ৰন্থেৰে অসমীয়া সাহিত্যক চহকী কৰা বিশিষ্ট সাংবাদিক, লেখক শিৱনাথ বৰ্মন আছিল অসমবাসীৰ বাবে এটা সুপৰিচিত নাম।

১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল শিৱনাথ বৰ্মনে।

সুদীৰ্ঘ ৮ বছৰ তেওঁ এসময়ৰ জনপ্ৰিয় বাতৰি কাকত জনসাধাৰণৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল।

২০২২ চনত এইগৰাকী বিশিষ্ট সাংবাদিক, শিক্ষাবিদক ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা প্ৰদান কৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে।

একেটা বৰ্ষত অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰেও সন্মানিত কৰা হয় শিৱনাথ বৰ্মনক।

একেৰাহে এগৰাকী সাংবাদিক, লেখক, শিক্ষাবিদ শিৱনাথ বৰ্মনৰ দেহাৱসানত শোকস্তব্ধ ৰাজ্যবাসী।