দুষ্ট চক্ৰৰ ভুৱা ফেচবুক প’ষ্টৰ বাবে ৬੦੦ দিন বিদেশৰ কাৰাগাৰত কটাই স্বদেশলৈ উভতিল এজন ভাৰতীয়

নিউজ ডেস্ক। দুষ্ট চক্ৰৰ ভুৱা ফেচবুক প’ষ্টৰ বলি হৈ চৌদি আৰৱৰ কাৰাগাৰত দিন কটাবলগীয়া হৈছিল এজন ভাৰতীয় লোক। চৌদি আৰৱৰ কাৰাগাৰত ৬০০ দিন কটাইছিল তেওঁ।

লোকজন হল কৰ্ণাটকৰ হৰিশ বাংগেৰা (৩৪)।

অৱশেষত কৰ্ণাটক আৰক্ষীৰ প্ৰচেষ্টাত মুকলি হৈ স্বদেশলৈ আহিল তেওঁ। তেওঁ চৌদি আৰৱত শীতাতপ নিয়ন্ত্ৰণৰ যন্ত্ৰ নিৰ্মাণৰ এটা কোম্পানীৰ প্ৰযুক্তিৰ কৰ্মচাৰী।

জানিব পৰা মতে ২০১৯ চনৰ ২২ ডিচেম্বৰত ফেচবুকত মক্কা আৰু চৌদি আৰৱৰ ৰজাৰ বিষয়ে নিন্দামূলক মন্তব্য কৰাৰ বাবেই ৩৪ বছৰীয়া হৰিশ বাঙ্গেৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।

খবৰ অনুসৰি, এই কথা হৰিশ বাংগেৰাৰ পৰিয়ালে জনাইছিল স্থানীয় আৰক্ষীক। আৰু স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

কৰ্ণাটক আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পাইছিল যে উদুপী জিলাৰ আব্দুল হুয়েজ আৰু আব্দুল থুয়েজ নামৰ দুজন ব্যক্তিয়ে সৃষ্টি কৰা এটা ভুৱা ফেচবুক একাউণ্টৰ পৰা অপমানজনক কিছুমান বাৰ্তা প’ষ্ট কৰা হৈছিল। যিটো একাউণ্ট খোলা হৈছিল হৰিশ বাংগেৰাৰ নামত।

আৰক্ষীয়ে ২০২০ চনৰ অক্টোবৰত লোক দুজনক গ্ৰেপ্তাৰ কৰিছিল। যিয়ে প্ৰকাশ কৰিছিল যে তেওঁলোকে ফেচবুকত বাংগেৰাৰ ছদ্মবেশ লৈছিল। আৰু এই অনুসন্ধানৰ বিৱৰণ ব্যৱহাৰ কৰি বাংগেৰাৰ পৰিয়ালে তেওঁক মুকলি কৰিবলৈ সক্ষম হৈছিল।

কাৰাগাৰৰ পৰা মুকলি হৈ বুধবাৰে বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বাংগেৰা উপস্থিত হয়।

ইয়াৰ পিছতেই তেওঁ সাংবাদিকক কয় যে তেওঁক “অনুসন্ধান কাৰাগাৰত” ৰখা হৈছিল আৰু ঘৰলৈ উভতি অহাত অন্যান্য জনৰ প্ৰচেষ্টাই তেওঁক সহায় কৰিছিল। তেওঁ নিশ্চিত কৰিছিল যে তেওঁক শাস্তি দিয়া হোৱা নাছিল।

তেওঁ কয়, “যিসকলে মোৰ মুক্তিৰ লাভৰ ক্ষেত্ৰত সহায় কৰিছিল তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছো। উদুপি আৰক্ষীৰ প্ৰতিবেদনে মোৰ নিৰ্দোষতা প্ৰমাণ কৰিলে। মোক ফ্ৰেম কৰা হৈছে বুলি মুকলি কৰিবলৈ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল। কভিড-১৯ পৰিস্থিতি নোহোৱাহেঁতেন মোক বহু আগতে মুক্তি দিয়া হ’লহেঁতেন। সকলো নথিপত্ৰ দাখিল কৰা হৈছিল। কিন্তু কভিড-১৯ ৰ বাবে আদালতসমূহ বন্ধ কৰি দিয়া হৈছিল।”

তেওঁ লগতে কয় যে যদিও তেওঁক চৌদি আৰৱত কাম কৰি থাকিবলৈ প্ৰস্তাৱ দিয়া হৈছিল, তথাপিও তেওঁ নিজৰ গৃহ চহৰলৈ উভতি আহিব বিচাৰিছিল। তেওঁ লগতে কয়, “মোৰ কোম্পানীটোৱে আইনক সন্মান কৰিছিল। সেয়েহে তেওঁলোকে মোক আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ কৈছিল। মোক মুকলি কৰাৰ পিছত তেওঁলোকে কৈছিল যে মই নিৰ্দোষ বুলি প্ৰমাণিত হোৱাৰ পৰা মই তাত কাম কৰি থাকিব পাৰোঁ। কিন্তু মই মোৰ পৰিয়ালৰ সৈতে থাকিব বিচাৰিলো।”

উদুপী আৰক্ষীয়ে কয় যে বাংগেৰাক চৌদি আৰৱত গ্ৰেপ্তাৰ কৰাৰ পিছতেই গোচৰটোৰ তদন্ত আৰম্ভ হৈছিল। তেওঁৰ পত্নীয়ে ফেচবুক একাউণ্টটো ভুৱা বুলি দাবী কৰি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

দক্ষিণ কানাড়া আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “বাংগেৰাই নাগৰিকত্ব (সংশোধনী) আইনৰ ওপৰত ফেচবুকত কিছুমান প’ষ্ট লিখিছিল। যাৰ ফলত কিছুমান সমস্যাৰ সৃষ্টি হৈছিল। তেওঁ পিছত প’ষ্টবোৰ ডিলিট কৰিছিল আৰু ক্ষমা বিচাৰিছিল। তাৰ পিছতেই ভুৱা একাউণ্টত দিয়া প’ষ্টটো সেই ঘটনাটোৰ প্ৰতিশোধ আছিল। ফেচবুকে নিশ্চিত কৰিছিল যে আমি সঠিক পথত আছোঁ। আমি প্ৰকৃত অপৰাধীক বিচাৰি পাইছিলো। এই গোচৰটোৰ এতিয়া বিচাৰ চলি আছে।”

বিষয়াজনে লগতে কয় যে, উদুপী আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক প্ৰবীণ সুদ আৰু চৌদি আৰৱৰ ভাৰতীয় দূতাবাসৰ জৰিয়তে চৌদি আৰৱ চৰকাৰক প্ৰকৃত দোষীক গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰোৱা হৈছিল। ইয়াৰ ফলত তেওঁক মুক্তি দিয়ে।

Leave a Comment