দুয়ােটা কিডনীয়েই বিকল হ’ল স্বামীৰ, প্ৰাণৰক্ষাৰ বাবে এই কাম কৰিলে পত্নীয়ে…

নিউজ ডেস্ক। এক ইতিবাচক খবৰ। খবৰটোৱে সকলোৰে মন পুলকিত কৰাৰ লগতে প্ৰদান কৰিব উৎসাহ।

সাধাৰণতে পতি-পত্নীৰ সম্পৰ্ক হৈছে জীৱনৰ অন্যতম শীৰ্ষতম সম্পৰ্ক। ইজনৰ অবিহনে সিজনৰ জীৱন সদায় অসম্পূৰ্ণ। কিয়নো দুয়ো দুয়োৰে বাবে সদায় অপৰিহাৰ্য।

সেই অনুসৰি এইবাৰ এক দম্পতীয়ে দাঙি ধৰিলে সেই সম্পৰ্কৰ চূড়ান্ত নিদৰ্শন। অৰ্থাৎ মৃত্যু মুখলৈ গতি কৰা স্বামীৰ জীৱন ৰক্ষাৰ বাবে পত্নীয়ে দান কৰিলে নিজৰ বৃক্ক।

স্বামীৰ বিকল হৈ পৰা বৃক্ক সংৰূপণৰ বাবে পত্নীয়ে দান কৰিলে নিজৰ বৃক্ক।

photo-2021-09-22-20-55-51

বুধবাৰে দুয়োৰে সফল অস্ত্ৰোপ্ৰচাৰৰ পিছত স্বামীয়ে লাভ কৰিলে নতুন জীৱন। এই কাৰ্যৰ দ্বাৰা তেওঁ কেৱল নিজৰ স্বামীৰ জীৱন ৰক্ষাই নহয়, সমাজতো এক উদাহৰণ দাঙি ধৰিলে।

এই ঘটনা মধ্য প্ৰদেশৰ ৰটলাম জিলাৰ চিমলাভাদাৰ গাঁৱৰ। দুয়োকে লক্ষ্মণ পাতিদাৰ আৰু তেওঁৰ পত্নী চন্দ্ৰকলা পাতিদাৰ বুলি জানিব পৰা যায়।

জানিব পৰা মতে, চিমলাভাদাৰ গাঁৱৰ ৩৫ বছৰীয়া চন্দ্ৰকলা পাতিদাৰে তেওঁৰ স্বামীৰ জীৱন ৰক্ষাৰ বাবে চলালে আপ্রান চেষ্টা। ৩৮ বছৰীয়া তেওঁৰ কৃষক স্বামী লক্ষ্মণ পাতিদাৰ যোৱা আঠ মাহ ধৰি অসুস্থ হৈ আছিল আৰু তেওঁৰ দুয়োটা বৃক্ক ক্ষতিগ্ৰস্ত হৈ পৰিছিল।

kidney-transplant-thumb

পিছত চিকিৎসা চলোৱাত চিকিৎসকে বৃক্ক সংৰূপণেই চূড়ান্ত বিকল্প দিয়ে। এই কথা শুনি তেওঁলোকৰ পৰিয়ালটো ভাগি পৰিছিল। কিন্তু তেওঁৰ পত্নী চন্দ্ৰকলাই ভয় কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ স্বামীৰ জীৱন বচাবলৈ স্বামীক নিজৰ এটা বৃক্ক দিয়াৰ সিদ্ধান্ত লৈছিল।

সেই অনুসৰি বুধবাৰে গুজৰাটৰ নাদিয়াদৰ এখন চিকিৎসালয়ত প্ৰায় চাৰি ঘণ্টা ধৰি চলা এক সফল অস্ত্ৰোপচাৰৰ অন্তত বৃক্ক সংৰূপণ কৰা হয়।

পত্নী চন্দ্ৰকলাই জনোৱা অনুসৰি, যেতিয়া লক্ষ্মণ পাতিদাৰ এই বৰ্ষৰ জানুৱাৰীত এদিন নিজৰ খেতিৰ পথাৰৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছতেই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

স্বাস্থ্য পৰীক্ষাৰ সময়ত তেওঁৰ বৃক্কৰ সমস্যা ধৰা পৰে। সেয়েহে চিকিৎসকে তেওঁক ইন্দোৰলৈ লৈ যাবলৈ পৰিয়ালক জনায়।

ইন্দোৰত কেইবাটাও পৰীক্ষাৰ পিছত দেখা গৈছিল যে তেওঁৰ দুয়োটা বৃক্ক ক্ষতিগ্ৰস্ত হৈছে। তেতিয়া তেওঁৰ বৃক্কৰ ডায়েলাইচিছ কৰিছিল। পৰৱৰ্তী সময়ত কেইবাখনো চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছত চিকিৎসকে চন্দ্ৰকলাক জনাইছিল যে লক্ষ্মণৰ জীৱন কেৱল বৃক্ক সংৰোপণ কৰিহে ৰক্ষা কৰিব পৰা যাব।

সেই অনুসৰি যেতিয়া পত্নী চন্দ্ৰকলাই এই বিষয়ে জানিব পাৰিলে, তেওঁ পলম নকৰাকৈ তেওঁৰ এটা বৃক্ক দিয়াৰ সিদ্ধান্ত লয়। আত্মীয় স্বজন আৰু পত্নী সহ লক্ষ্মণ তেতিয়া নাদিয়াদ পাইছিল। পতি-পত্নীৰ দুয়োজনৰ স্বাস্থ্য পৰীক্ষাত এটা বৃক্কৰ মিল পাইছিল।

সেয়েহে চিকিৎসকে অস্ত্ৰোপ্ৰচাৰৰ প্ৰস্তুতিৰ বাবে তেওঁলোক দুয়োকে দুমাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰু সেই অনুসৰি বুধবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে বৃক্ক সংৰোপণ কৰা হয়।

লক্ষ্মণৰ এজন আত্মীয়ই কয় যে এতিয়ালৈকে লক্ষ্মণৰ চিকিৎসাৰ বাবে প্ৰায় ২২ লাখ টকা খৰচ কৰা হৈছে।

গাওঁবাসীয়ে লক্ষ্মণৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য দাবী কৰিছে। লক্ষ্মণৰ সফল অস্ত্ৰোপ্ৰচাৰ আৰু সুস্বাস্থ্যৰে তেওঁলোক ঘৰলৈ উভতি অহাৰ বাবে অস্ত্ৰোপ্ৰচাৰৰ আগমূহুৰ্তত গাওঁবাসী আৰু আত্মীয় স্বজনে চিমলাৱাড়াৰ আম্বেমাতা মন্দিৰ, শিৱ মন্দিৰ আৰু হনুমান মন্দিৰত একত্ৰিত হৈ প্ৰাৰ্থনা কৰিছিল।

Leave a Comment