দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুওৱা হিমানী KBC-13 ৰ প্ৰথমগৰাকী কােটিপতি

নিউজ ডেস্ক। টেলিভিছনৰ পৰ্দাত পুনৰ আৰম্ভ হৈছে অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান কৌন বনেগা ক্ৰৌড়পতি।

ছ’নি টিভিত সম্প্ৰচাৰিত কৌন বনেগা ক্ৰোড়পতি-১৩ (KBC-13) ৰ প্ৰথমগৰাকী কোটিপতি হিচাপে জয়ী হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুণ্ডেলা।

ছ’নী টিভিয়ে নিজৰ টুইটাৰ একাউণ্টত এই কথা সদৰী কৰে।

হিমানী বুণ্ডেলা কোটিপতি হোৱাৰ খণ্ডটি অহা ৩০ আগষ্টত সম্প্ৰচাৰিত হ’ব।

উল্লেখ্য যে ১৫ বছৰ বয়সতে এটা পথ দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইছিল হিমানীয়ে। কিন্তু ইয়াৰ পাছতাে সকলাে বিপৰীত স্থিতিৰ সৈতে মােকাবিলা কৰিছিল হিমানীয়ে।

হিমানীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত ২১ বছৰ ধৰি কে বি চিৰ হট শ্বিটত বহাৰ বাবে তেওঁ প্ৰয়াস অব্যাহত ৰাখিছিল।

অৱশেষত এই প্ৰয়াস সাৰ্থক হােৱাই নহয়, নিজৰ মেধাৰ পৰিচয় দি হিমানীয়ে ১ কােটি টকা জয় কৰিবলৈও সক্ষম হয়।

হিমানীয়ে প্ৰকাশ কৰা অনুসৰি, এই ধনেৰে দিব্যাংগসকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ খুলিব য’ত সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ বাবে কােচিং প্ৰদান কৰা হ’ব।

হিমানীয়ে কয় যে আমাৰ দেশত বিশ্ববিদ্যালয় বহুত আছে, কিন্তু সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দিব্যাংগসকলক প্ৰকৃত দিকদৰ্শন দিয়া প্ৰতিষ্ঠানৰ সংখ্যা নগণ্য। সেয়ে তেওঁ এই ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী।

Leave a Comment