দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদৰ ঘােষণা আমিৰ খানৰ

নিউজ ডেস্ক। ইতি পৰিল ১৫ বছৰীয়া সম্পৰ্কৰ। বিবাহ বিচ্ছেদ ঘোষণা কৰিলে বলিউড অভিনেতা আমিৰ খান আৰু চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে।

এক বিবৃতি যোগে এই কথা ঘোষণা কৰে দুয়োৱে।

বিবৃতিত আমিৰ-কিৰণে লিখে, “বিগত ১৫ বছৰৰ আমাৰ বহু অভিজ্ঞতা হৈছে। আমাৰ সম্পৰ্কৰ মূল আছিল বিশ্বাস, শ্ৰদ্ধা আৰু অনুৰাগ। এইবাৰ আমাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হব, কিন্তু স্বামী-স্ত্ৰী হিচাপে নহয়। আমি পুত্ৰৰ দায়িত্বৱান অভিভাৱক হিচাপে দায়িত্ব পালন কৰিম।”

তেওঁলোকে লগতে লিখে, “বিবাহ বিচ্ছেদৰ সিদ্ধান্ত আমাৰ হঠাতে হোৱা নাই। বহু দিন আগতেই আমি এই কথা চিন্তা কৰিছিলো। সেয়েহে সঠিক সময়ৰ অপেক্ষাত আছিলো। কিন্তু আমাৰ পুত্ৰ আজাদৰ ওপৰত ইয়াৰ প্ৰভাৱ কোনো কাৰণত নপৰিব। আমি দুয়োজনেই আজাদক ডাঙৰ কৰিম। একেলগে আমি ছবি আৰু পানি ফাউণ্ডেশ্যনৰ কামো কৰি যাম। আমাৰ লগত সকলো সময়তে থকাৰ বাবে বন্ধু বৰ্গ, আত্মীয় স্বজন সকলোকে ধন্যবাদ জনাইছো। এই সময়ত আপোনালোক সকলোৰে পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিছাৰিছো। এই বিবাহ বিচ্ছেদক কেতিয়াও শেষ হিচাপে নহয়, বৰঞ্চ এক নতুন আৰম্ভণি হিচাপে চাবলৈহে অনুৰোধ জনাইছো।”

উল্লেখ্য যে, ‘লাগান’ ছবি শ্বুটিঙৰ সময়ত পৰিচয় হৈছিল আমিৰ খান আৰু কিৰণ ৰাওৰ মাজত। ২০০৫ চনৰ ২৮ ডিচেম্বৰত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল।

২০১১ চনত তেওঁলোকৰ পুত্ৰ সন্তান আজাদ জন্ম হৈছিল।

কিৰণৰ পূৰ্বে ১৯৮৬ চনত ৰীনা দত্তক বিয়া কৰাইছিল আমিৰে। ২০০২ চনত ৰীনা আৰু আমিৰৰ দাম্পত্য জীৱন সমাপ্ত হৈছিল। তেওঁলোকৰ আছিল দুই সন্তান জুনেইড আৰু ইৰা।

Leave a Comment