দ্য বাৰ্নিং ট্ৰেন! চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

এক ভয়ংকৰ ঘটনা। চলন্ত ৰে’লত লাগিল ভীষণ জুই।

অৱশ্যে কোনো লোকৰ হতাহতি নোহোৱাকৈ ঘটনাত ৰক্ষা পৰে সকলোৰে জীৱন।

এই ঘটনা শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত সংঘটিত হয় মধ্য প্ৰদেশৰ মোৰেনাৰ হেটামপুৰত। অগ্নি সংযোগ হোৱা ৰেলখন দূৰ্গ চুপাৰফাষ্ট এক্সপ্ৰেছ বুলি জানিব পৰা যায়।

G1

খবৰ অনুসৰি, শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত উধমপুৰৰ পৰা দূৰ্গলৈ যোৱা দূৰ্গ চুপাৰফাষ্ট এক্সপ্ৰেছত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

মোৰেনাৰ হেটামপুৰৰ ওচৰত প্ৰায় চাৰিটা এচি ডবাত জুই লাগিছিল। জুই লগাৰ পিছত ৰেলখন হেটামপুৰ ষ্টেচনৰ ওচৰত ৰখাই দিয়া হৈছিল।

অৱশ্যে যাত্ৰীসকলক সোনকালেই আন ডবালৈ পৃথক কৰা হৈছিল। পৰৱৰ্তী সময়ত মোৰেনা আৰু ঢোলপুৰৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। কিন্তু কি কাৰণত জুই লাগিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, দুৰ্ঘটনাটোত সকলো ৰেল যাত্ৰী সুৰক্ষিতভাৱে ৰক্ষা পৰে।

জানিব পৰা মতে, কিছুমান যাত্ৰীয়ে জুই লগাৰ পিছত আতংকিত হৈ চলন্ত ৰেলখনৰ খিৰিকীৰে জঁপিয়াই পৰিছিল।

অগ্নিনিৰ্বাপক বাহিনীয়ে ডবাত জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। ৰে’লখনত সংঘটিত অগ্নিকাণ্ডৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষী, প্ৰশাসনকে ধৰি ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে, শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা কৰিছে বিভাগীয় বিষয়াই।

ৰেল বিষয়াই জনোৱা জনোৱা অনুসৰি, উধমপুৰ দূৰ্গ ২০৮৪৮ ৰেলখন শুক্ৰবাৰে মোৰেনালৈ গৈ আছিল। যেতিয়াই ৰেলখন ঢোলপুৰ ষ্টেচনৰ মাজেৰে পাৰ হৈ চম্বল পাৰ হৈছিল, তেতিয়াই ৰেলখনৰ এ ১ আৰু এ২ ডবাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। ইয়াৰ পিছত যাত্ৰীসকলৰ মাজত চিঞৰ বাখৰ হৈছিল।

লগে লগে হেটামপুৰ ষ্টেচনত ৰেলখন ৰখাই দিয়া হৈছিল। জুইৰ ফলত এ১ আৰু এ২ ডবা সম্পূৰ্ণৰূপে জ্বলি গৈছিল।

ৰেলখন আবেলি প্ৰায় ৩.৩০ বজাত হেটামপুৰ ষ্টেচনত উপস্থিত হৈছিল। ৰেলখন ৰোৱাৰ লগে লগে সকলো যাত্ৰীক সুৰক্ষিতভাৱে উলিয়াই অনা হৈছিল। এই ঘটনাৰ তদন্ত বৰ্তমান অব্যাহত আছে।

Leave a Comment