দৰাৰ সন্মুখত কইনাৰ ফটো উঠাই থকা অৱস্থাত ঘটিল এক আমােদজনক ঘটনা! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। আজিৰ দিনত বিবাহ মানেই যেন ফটোশ্বুট অপহৰিহাৰ্য্য। জীৱনৰ বিশেষ দিনটোৰ মধুৰ ক্ষণ সমূহ ধৰি ৰখাৰ ইচ্ছা কৰে সকলোৱে।

কিন্তু এইবাৰ এক বিবাহ অনুষ্ঠানত ফটোগ্ৰাফাৰে কইনাৰ অধিক কাষ চাপি ফটো লােৱাৰ সময়ত ঘটিল এক আমােদজনক ঘটনা। সামাজিক মাধ্যমত এই ভিডিঅ’ সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল।

বিবাহ অনুষ্ঠান সুকলমে চলি আছে। দৰা-কইনাই একেলগে থিয় হৈ কৰিছে ফটোশ্বুট। তেনেতে ফটোগ্রাফাৰে কইনাৰ দুখনমান ক্ল’জ-আপ শ্বট লওঁ বুলি ভাবি দৰাক অলপ আঁতৰি দিবলৈ অনুৰোধ জনালে।

সেইমতে আঁতৰি দিলে দৰাই। ফটো উঠাবলৈ চেষ্টা কৰে যদিও কেমেৰাৰ ফ্ৰেমত নিমিলে কইনা। সেয়েহে দুই এবাৰ নিজেই কইনাক স্পৰ্শ কৰি নিজৰ হিচাপত কইনাক মিলাই লৈছে ফটোগ্রাফাৰে। কিন্তু নিমিলেহে নিমিলে শ্বট। এইবাৰ অতিষ্ঠ হৈ গ’ল দৰা। ফটোগ্রাফাৰে তলকিব নোৱাৰাকৈ কানৰ তলত বহাই দিলে প্ৰচণ্ড চৰ।

উপস্থিত সকলোৱে ভাবিছিলে পৰিস্থিতি এতিয়া কি হ’ব কোনো ঠিক নাই। কিন্তু ভবাৰ দৰে একোৱেই নহ’ল। ইয়াৰ কাৰণ কি জানেনে? কাৰণ কইনা।

দৰাই চৰ মৰাৰ পিছতেই কইনাই এনেকুৱাকৈয়ে হাঁহিলে যে উপস্থিত সকলো আচৰিত হৈ গ’ল। আনকি দৰাইও খং পাহৰি হাঁহিবলৈ ল’লে। লগে লগে বিষয়টো ঢাল খায় পৰিলে অন্য দিশে।

বহুতে কইনা গৰাকীৰ এইয়া উপস্থিত বুদ্ধি বুলি ক’ব বিচৰাৰ বিপৰীতে বহুতে কইনাৰ হাঁহিক প্ৰশংসা কৰিছে। বহুতে আকৌ কৈয়েই পেলাইছে যে এনেকুৱা কইনাহে লাগে।

ইয়াতকৈ অলপ কম হাঁহিলেও চলি যাব বুলি মন্তব্য কৰিছে একাংশই। এই ভিডিঅ’ এতিয়া ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

লগতে চাওকঃ

শব্দ প্ৰদূষণ! আৰক্ষীয়ে ৰােলাৰ চলাই ধ্বংস কৰিলে বাইকৰ অৰ্ধ শতাধিক চাইলেঞ্চাৰ, ভিডিঅ’ ভাইৰেল

কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

নিপুণ ‘ড্ৰামাৰ’ৰ ৰূপত ভাৰতীয় সেনাৰ এজন জোৱান! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Leave a Comment