মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

নিউজ ডেস্ক। মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰিছিল ৰাজীৱ বৰা (28) নামৰ নগাঁৱৰ হুজগাঁৱৰ এজন যুৱকে। কিন্তু গুৰু-গােঁসাই নমনা উদণ্ড ট্ৰাক চালকৰ বাবেই সংঘটিত এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকােৱালি ল’লে ৰাজীৱে।

উল্লেখ্য যে ৰবিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা।

নগাঁও-ধিং গড়কাপ্টানি পথেৰে AS-N-2917 নম্বৰৰ এখন মাটি কঢ়িওৱা ট্ৰাকে ‘ন’ এণ্ট্ৰি’ উলংঘা কৰি হুজ গাঁৱৰ দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি আছিল।

ট্ৰাকখন আহি নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওপৰ পাঁওতেই হুজ গাঁৱৰ পৰা নগাঁও চহৰলৈ গৈ থকা AS-02Z-5946 নম্বৰৰ এখন স্কুটিক খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে স্কুটি আৰোহীজনৰ মৃত্যু হয়।

পত্নীৰ সৈতে দৰাৰ সাজত ৰাজীৱ বৰা

স্কুটিখনত দুই-তিনি বছৰীয়া এজনী কণমানি ছোৱালীও আছিল যদিও দৈৱক্ৰমে তেওঁ ৰক্ষা পৰে।

জানিব পৰা মতে, এগৰাকী যান-বাহন আৰক্ষীৰ স্বামী বৰাই বিয়া কৰোৱা মাত্ৰ দুমাহহে হৈছিল। আহত শিশুটি তেওঁৰ আত্মীয়।

ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকসহ চালকজনে পলায়নৰ চেষ্টা চলায় যদিও পাছত স্থানীয় লোকে জব্দ কৰে।

স্মৰ্তব্য যে দুৰ্ঘটনাটোত নিহত হোৱা বৰাৰ ৰক্তাক্ত মৃতদেহটো উৰণীয়া সেতুৰ ওপৰত স্কুটিখনৰ কাষতে পৰি থকাৰ সময়ত কণমানি ছোৱালীজনীয়ে মৃতদেহটো লিৰিকি-বিদাৰি ফেঁকুৰি কান্দি আছিল যদিও বহু পৰলৈকে কোনো পথচাৰী সহায়ৰ বাবে আগবাঢ়ি যোৱা নাছিল।

আনকি একাংশ হৃদয়হীন লোকে বাহন চলাই কাষেদিয়েই পাৰ হৈ যায়।

অৱশ্যে পিছত আন একাংশ হৃদয়বান লোক শিশুটিৰ ওচৰলৈ আগবাঢ়ি যায়।

লগতে চাওকঃ

নিপুণ ‘ড্ৰামাৰ’ৰ ৰূপত ভাৰতীয় সেনাৰ এজন জোৱান! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

দৰাৰ সন্মুখত কইনাৰ ফটো উঠাই থকা অৱস্থাত ঘটিল এক আমােদজনক ঘটনা! ভিডিঅ’ ভাইৰেল

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

Leave a Comment