নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে কঠােৰ ব্যৱস্থা লােৱাৰ ঘােষণা কৰাৰ পিছতাে কােনাে কেৰেপেই কৰা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে।

ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই নিতৌ এনে একাংশ ঘােচখােৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতো উৎকােচ লােৱাৰ অভ্যাস সলনি হােৱা নাই একাংশ বিষয়া-কৰ্মচাৰীৰ।

এইবাৰ বাৰৰ অনুজ্ঞাপত্ৰৰ নামত ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা আবকাৰী বিষয়া।

এই বিষয়াগৰাকীৰ হৈছে মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ।

সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই মৰিগাঁও আৰক্ষীৰ সহযােগত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত নিজ কাৰ্যালয়তে হাতে-লােটে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।

দুৰ্নীতি নিবাৰকৰ অভিযান এতিয়াও অব্যাহত আছে। বিষয়াগৰাকীক অবৈধ ধনৰ সন্ধান বিচাৰি অধিক জেৰা চলােৱাৰ সম্ভাৱন আছে।

এই সন্দৰ্ভত টুইট কৰি সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক শ্ৰীমতী বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

1 thought on “নগদ ২੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ”

Comments are closed.