
নাই বিদ্যু সংযােগ, বেটাৰীৰে ম’বাইল চাৰ্জ দিবলৈ অসমৰ এখন গাঁৱত গঞাৰ দীঘলীয়া শাৰী
September 27, 2021নিউজ ডেস্ক। লংকাৰ কাকীত বিদ্যুতৰ বাবে হাহাকাৰ ৰাইজৰ।
কাকী ৰণথলী গাঁৱৰ ৰাইজৰ এই হাহাকাৰ।
হোজাই জিলাৰ লামডিং সমষ্টিৰ কাকীত থাইছুংপাৰ পঞ্চায়তৰ এখন গাঁও। গাঁওখনৰ নাম ‘২হাজাৰ বিঘা ৰণথলী’ গাঁও। .

৫੦ বছৰে গাঁও পাতি ৰাইজে বসবাস কৰি আছে যদিও গাঁওখনত আজিলৈ নহ’ল বিদ্যুৎ সংযোগ।
নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনীতিবিদ বা পঞ্চায়তৰ প্ৰতিনিধি নেতাসকল গাঁওখনলৈ আহি প্ৰতিশ্ৰুতিৰ বন্যা বােৱায় যদিও নিৰ্বাচন শষ হোৱাৰ পিছত ৰাইজে দেখা নাপাই প্ৰতিনিধিক।

বিদ্যুৎ সংযোগ নথকাৰ বাবে গাঁওখনত গাঁওবাসীয়ে এটা ম’বাইল ছাৰ্জ দিবলৈ ২০ টকা আৰু ২৫ টকা দি টৰ্ছ লাইট চাৰ্জ দিবলৈ দীঘলীয়া শাৰী পাতি থাকিব লগীয়া হৈছে।
এই ঘটনাই পুনৰ উদঙাই দেখুৱাইছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৰাইজৰ দুৰ্ভােগৰ ছবি।
নকলৰ বাবে ৬ লাখ টকাৰ ব্লু’টুথ্ চেণ্ডেল ক্ৰয় ২৫ জনৰ, পৰীক্ষা কেন্দ্ৰত আটক