নিজ গাঁৱখনৰ প্ৰথমজন ছাত্ৰ হিচাপে অধ্যয়নৰ বাবে বিদেশলৈ গ’ল পৱন, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ…

নিউজ ডেস্ক। সুদূৰ কানাডাত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতৰ ৫ গৰাকীকৈ ছাত্ৰই।

দক্ষিণ অণ্টাৰিঅ’ৰ কুইণ্টেষ্ট চহৰৰ ৪০১নং ঘাইপথত শনিবাৰে এখন যাত্ৰীবাহী ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱায় ছাত্ৰবন্ধু কেইজনে।

হাৰিয়ানাৰ এখন সৰু গাঁও লীলাছৰ পৰা উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা ২৩ বৰ্ষীয় পৱন কুমাৰৰো প্ৰাণ কাঢ়ি নিলে সেই দুৰ্ঘটনাই।

দুবছৰ পূৰ্বে কানাডাত শিক্ষা গ্ৰহণৰ বাবে যোৱা পৱন কুমাৰ আছিল সমগ্ৰ গাঁওখনৰ বাবে হিয়াৰ আমঠু। কোভিড কালত গাঁওখনৰ অগণন লোকৰ কাষত সহায়ৰ হাত হৈ থিয় দিছিল পৱন কুমাৰে।

বিদেশত অধ্যয়ন কৰিবলৈ যােৱা গাঁওখনৰ প্ৰথমজন ছাত্ৰ আছিল পৱন।

এইগৰাকী সকলোৰে প্ৰিয় পৱন কুমাৰৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক। শোকত ভাগি পৰিছে পৰিয়ালটোও।

উল্লেখ্য যে, শনিবাৰে পুৱতিনিশা প্ৰায় ৩.৪৫ বজাত ৪০১ নং ঘাইপথৰ দাঁতিত যাত্ৰীবাহী ভান আৰু ট্ৰেক্টৰ ট্ৰেইলাৰ সংঘৰ্ষত নিহত হৈছিল ৮ জনকৈ লোক।

নিহত সকলৰ ভিতৰত আছিল পৱন কুমাৰ সহ ৫ জনকৈ ভাৰতীয় শিক্ষাৰ্থী। ইফালে এই দুৰ্ঘটনাত আহত হৈছিল ২ জন লোক।

নিহত ভাৰতীয় ছাত্ৰ কেইজনক ২১ বছৰীয়া জস্পিন্দৰ সিং, ২২ বছৰীয়া কৰণপাল সিং, ২৩ বছৰীয়া মোহিত চৌহান, ২৪ বছৰীয়া হৰপ্ৰীত সিঙ আৰু পৱন কুমাৰ বুলি চিনাক্ত কৰা হৈছিল।

৫ জন ভাই-ভনীৰ মাজত কনিষ্ট পৱন কুমাৰৰ মৃত্যুৰ বাতৰি লাভ কৰি শোক ভাগি পৰিছে তেওঁৰ পিতৃ-মাতৃ।

ছাত্ৰজনৰ মৃতদেহ স্বদেশলৈ উভতাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে পৰিয়ালৰ লোকে।

লগতে চাওকঃ

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা-দিলীপৰ প্ৰাণ

Leave a Comment