নীৰজ চোপ্ৰাৰ নামত ষ্টেডিয়াম উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক। পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত এটি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। কিছুদিন পূৰ্বে সেই ষ্টেডিয়ামটো অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। সেই অনুসৰি শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰে সেই ষ্টেডিয়ামটো।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল সেনা প্ৰধান জেনেৰেল এম.এম. নাৰাৱনে। ইয়াৰোপৰি অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা নিজেও উপস্থিত আছিল।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত কয়, “টকিঅ’ অলিম্পিকত বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে আজি পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত চুবেদাৰ নীৰজ চোপ্ৰাক সম্বৰ্ধনা জ্ঞাপন কৰো। তেওঁ অলিম্পিকৰ স্বৰ্ণ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰিছিল। এতিয়া আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত তেওঁৰ নামেৰে ষ্টেডিয়ামৰ নাম সলনি কৰিছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাত সফলতা কামনা কৰিছো।”

তেওঁ লগতে কয় যে, “আমি ক্ৰীড়াৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু খেলুৱৈসকলক উৎসাহিত কৰিবলৈ কাম কৰি আছে। খেলুৱৈসকলক উৎসাহিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই থকা হৈছে। ৰাজ্য চৰকাৰসমূহেও এই প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।”

উদ্বোধনী কাৰ্যসূচীৰ উপৰিও সিঙে ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন’লজীৰ বৈঠকতো অংশগ্ৰহণ কৰে আৰু সশস্ত্ৰ বাহিনীৰ অলিম্পিয়ানসকলৰ সৈতে বাৰ্তালাপ কৰে।

এক চৰকাৰী বিবৃতি অনুসৰি, পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটে ৩৪ জন অলিম্পিয়ান, ২২ জন কমনৱেলথ গেমছ পদক বিজয়ী, ২১ জন এছিয়ান গেমছ পদক বিজয়ী, ছয়জন যুৱ ক্ৰীড়া পদক বিজয়ী আৰু ১৩ জন অৰ্জুন বঁটা বিজয়ী প্ৰস্তুত কৰিছে।

Leave a Comment