নৈশবাছৰ যাত্ৰীৰ ৰূপত গৰু! আৰক্ষীৰ অভিযানত জব্দ ৩৪ টা চােৰাং গৰু

নিউজ ডেস্ক। গৰুৰ চােৰাং বেহাৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযানৰ মাজতে গৰু সৰবৰাহৰ ন ন কৌশল অৱলম্বন গৰু সৰবৰাহকাৰীৰ।

এইবাৰ নৈশ বাছত উঠাই চােৰাং গৰু সৰবৰাহৰ চেষ্টা চােৰাং বেপাৰীৰ।

নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত আৰক্ষীৰ অভিযানত জব্দ চােৰাং গৰু ভৰ্তি নৈশ বাছ।

জানিব পৰা মতে, নিয়মীয়া তালাচীত সময়তে এ এছ ০১ ডিচি ৪৪৪২ নম্বৰৰ ‘ৰাঘৱ’ নামৰ নৈশ বাছখনৰ পৰা জব্দ কৰা হয় ৩৪ টাকৈ চােৰাং গৰু।

গৰু সৰবৰাহৰ বাবে নৈশবাছৰ সকলাে আসন সমূহ আঁতৰাই দিয়া হৈছিল বাছখনত।

এই সন্দৰ্ভত গােপন সূত্ৰৰ পৰা তথ্য লাভ কৰি মিছা আৰক্ষীয়ে নৈশবাছখন জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে বাছখনৰ চালক-হেণ্ডিমেন।

জব্দ কৰা গো ধনসমূহ গো শালালৈ প্ৰেৰণ কৰে মিছা আৰক্ষীয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও নগাঁও জিলাৰ কলিয়াবৰত নৈশবাছসহ চােৰাং গৰু জব্দ কৰিছিল আৰক্ষীয়ে।