পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। জৰুৰীকালীন অৱস্থাত আৰক্ষীৰ যিকোনো সহায়ৰ বাবে ডায়েল কৰা হয় ১০০। কিন্তু পত্নীয়ে মটন কাৰী নবনোৱাৰ বাবেই ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ দাখিল কৰা আপুনি কেতিয়াবা শুনিছেনে?

হয়, এনে উদ্ভট ঘটনাই সংঘটিক হৈছে তেলেংগানাত।

হোলীৰ উৎসৱৰ সময়ত ঘৰত পত্নীয়ে মটন কাৰী ৰান্ধি নিদিয়াৰ বাবেই এবাৰ দুবাৰ নহয়, ৬ বাৰকৈ ১০০ ডায়েল কৰি আৰক্ষীক অভিযোগ দিয়ে এজন ব্যক্তিয়ে।

দৰাচলতে তেলেংগানাৰ নালগোণ্ডা জিলাৰ কানাগল মণ্ডলৰ চেৰলা গৌৰাৰাম গাঁৱৰ নবীন নামৰ ব্যক্তিজনে শুকুৰবাৰে নিশা ঘৰলৈ কিছু ছাগলী মাংস লৈ আনে। সুৰাপায়ী অৱস্থাত থকা নবীনে পত্নীক সেয়া ৰান্ধিবলৈ কয় যদিও পত্নীয়ে ৰান্ধিবলৈ অস্বীকাৰ কৰাত ১০০ত কল কৰি পত্নীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে সুৰাসক্ত নবীনে।

আৰক্ষীয়ে প্ৰথমাৱস্থাত এয়া এক ধেমেলীয়া কল বুলি ধৰি লৈছিল যদিও নবীনে একেৰাহে ৬ বাৰকৈ কল কৰাত অৱশেষত আৰক্ষীয়ে এই বিষয়ে উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে। যাৰ পিছত আৰক্ষীয়ে সুৰাসক্ত ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়।

আৰক্ষীয়ে পিছদিনা নবীনৰ ঘৰত উপস্থিত হৈ তেওঁক আটক কৰে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, নবীন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ২৯০ (ৰাজহুৱা উপদ্ৰৱ) আৰু ৫১০ (এজন সুৰাপান কৰা ব্যক্তিৰ দ্বাৰা ৰাজহুৱাভাৱে অসদাচৰণ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উৎসৱৰ বতৰতে সংঘটিত এই ঘটনাই এতিয়া নেটিজেনক বেছ আমোদ দিছে। আৰক্ষীয়ে অৱশ্যে সৰু সুৰা কাৰণত ১০০ ডায়েল কৰি নিজৰ লগতে আৰক্ষীৰ সময় অপব্যয় নকৰিবলৈ সাধাৰণ নাগৰিকক আহ্বান জনাইছে।

Leave a Comment