পথ দুৰ্ঘটনাত আহত দুই যুৱকৰ জীৱন ৰক্ষা কৰিলে সেনাই

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ী সোমাই পৰে এটা খাৱৈত।

যাৰফলত বাহনখনত যোৱা দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই জীৱন ৰক্ষা কৰে সেনা জোৱানে।

এই ঘটনা সংঘটিত হয় জম্মু কাশ্মীৰৰ ৰাজৌৰীত।

জানিব পৰা মতে ৰাজৌৰী-পুঞ্চ পথৰ ৰামলুথা অঞ্চলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। য’ত অঞ্চলটোৰ পৰা এখন টাটা মোবাইল বাহনত দুজন ব্যক্তি ৰাজৌৰী অভিমুখে আহি আছিল। কিন্তু বাহন খনৰ চালকজনে ৰামলুথা অঞ্চলত টাৰ্ণিং লওঁতে ভাৰসাম্য হেৰুৱাই আৰু বাহনখন খাৱৈত পৰে।

যাৰফলত বাহন খনৰ আৰোহী দুজন বেয়াকৈ আহত হয়। আহত দুজন যুৱকক সময়মতে সেনাই ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰিত কৰে।

খবৰ অনুসৰি, ঘটনা সংঘটিত হোৱাৰ পিছতেই স্পেডছ গানাৰৰ সেনা ঘটনাস্থলীলৈ দৌৰি যায় আৰু আহতসকলক প্ৰথমে সেনাৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। য’ত প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে ৰাজোৰীলৈ স্থানান্তৰিত কৰা হৈছিল। তাত তেওঁলোকৰ অৱস্থা স্বাভাৱিক বুলি জনায় চিকিৎসকে।

সেনাই কৰা কামৰ বাবে সেনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি পথ দুৰ্ঘটনাত আহত সকলে কয় যে যদি সেনা জোৱানসকলে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসালয়লৈ নিনিলে হেঁতেন, তেন্তে তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হলহেঁতেন।

সেয়েহে সেই সহায়ৰ বাবে সেনাৰ ওচৰত কৃতজ্ঞ বুলি জনায় তেওঁলোকে।

Leave a Comment