পােছাক বিতৰ্ক! শাৰী পিন্ধি যােৱাৰ বাবেই মহিলাক হােটেলত প্ৰৱেশত বাধা, ভিডিঅ’ ভাইৰেল

পােছাক বিতৰ্ক! শাৰী পিন্ধি যােৱাৰ বাবেই মহিলাক হােটেলত প্ৰৱেশত বাধা, ভিডিঅ’ ভাইৰেল

September 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ হাফ পেণ্ট বিতৰ্ক মাৰ নৌযাওঁতেই দেশজুৰি আৰম্ভ হৈছে ইটোৰ পিছত সিটো পোছাক বিতৰ্ক।

অলপতে পশ্চিম বংগত হিজাব পৰিধান কৰি ফটো আপলোড কৰা যুৱতীৰ চাকৰিৰ আবেদন পত্ৰ কৰ্তন কৰিছিল পশ্চিম বংগ আৰক্ষী নিযুক্তি বৰ্ডে।

তাৰ পিছতেই এইবাৰ আহিছে আন এক খবৰ। হােটেলত শাৰী পৰিধান কৰি যোৱাৰ বাবেই হােটেলৰ কৰ্মচাৰীয়ে প্ৰৱেশ কৰাত প্ৰদান কৰিলে বাধা।

এনে এক দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ঘটনা সংঘটিত হয় দক্ষিণ দিল্লীৰ আনচাল প্লাজা নামৰ এখন হােটেলত।

জানিব পৰা মতে, মহিলা গৰাকীয়ে শাৰী পৰিধান কৰি পৰিয়ালৰ সৈতে গৈছিল হােটেলখনলৈ। তেনে সময়তে মহিলা গৰাকী হােটেলখনত প্ৰৱেশ কৰাৰ পিছতেই তেওঁক বাধা প্ৰদান কৰে হােটেলৰ কৰ্মচাৰী সকলে।

কৰ্মচাৰী সকলে প্ৰথমতে তেওঁক কয় যে তেওঁ শাৰী পৰিধান কৰি আহিছে গতিকে তেওঁ তাত প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু সেই কথাত মহিলা গৰাকীয়ে উভতি ধৰাত কৰ্মচাৰী সকলে না না মন্তব্য দিয়ে।

শাৰী পিন্ধি হােটেলত কিয় প্ৰৱেশ কৰিব নোৱাৰিব বুলি বুজাই দিবলৈ কোৱাত এগৰাকী কৰ্মচাৰীয়ে মহিলা গৰাকীক কয় যে ভাৰতীয় শাৰী “স্মাৰ্ট কেজুৱেল” ড্ৰেছৰ অন্তৰ্ভুক্ত নহয়।

এই মহিলা গৰাকী পেছাত এগৰাকী সাংবাদিক। তেওঁৰ নাম অনিতা চৌধুৰী। মহিলা গৰাকীৰ লগত হোৱা এই ঘটনা তেওঁ বন্দী কৰে নিজৰ মোবাইল কেমেৰাত। আৰু পৰৱৰ্তী সময়ত তেওঁ এই দৃশ্য শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। যাৰ ফলত দৃশ্যটো বৰ্তমান ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

সাংবাদিক অনিতা চৌধুৰীয়ে এই ঘটনাত বিৰক্ত হৈ ফেচবুকত তেওঁৰ অভিজ্ঞতাৰ সৈতে ভিডিঅ’ আপলোড কৰে।

ফেচবুকত তেওঁ লিখে, “এই ভিডিঅ’টো মনোযোগেৰে শুনিব। কিয়নো দিল্লীত এখন হােটেল আছে, য’ত শাৰী স্মাৰ্ট পোছাক নহয়। মোক হােটেলত বহিবলৈ দিয়া হোৱা নাছিল। কিয়নো ভাৰতীয় শাৰী আমাৰ ভাৰত তথা হিন্দুস্তানত এক স্মাৰ্ট পোছাক নহয়।

ইয়াৰোপৰি শাৰীখনৰ বিৰুদ্ধে বহুতো অজুহাত দিয়া হৈছিল। যেতিয়া আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলো তেতিয়া আনচাল প্লাজা কৰ্তৃপক্ষই সকলো সেৱা অস্থায়ীভাৱে স্থগিত কৰিছিল। কালি মোৰ শাৰীৰ বাবে হোৱা অপমান এতিয়ালৈকে মোৰ সৈতে হোৱা আন যিকোনো অপমানতকৈ ডাঙৰ আৰু হৃদয়বিদাৰক আছিল।”

অনিতা চৌধুৰীয়ে ভিডিঅ’টো তেওঁৰ ইউটিউব চেনেলত আপলোড কৰিছিল। ইউটিউব চেনেলত তেওঁ কয়, “মই বিবাহিত। মই বিয়াৰ পিছতেই শাৰী পিন্ধিছো। মোৰ দুগৰাকী কন্যা আৰু মোৰ পৰিয়াল আছে। মই শাৰী পিন্ধি ভালপাওঁ। মই এগৰাকী শাৰী-প্ৰেমী মহিলা। মই ভাৰতীয় পোছাক ভালপাওঁ, মই ভাৰতীয় সংস্কৃতি ভালপাওঁ। মই বিশ্বাস কৰোঁ যে শাৰী হৈছে আটাইতকৈ সুন্দৰ, ফেশ্বনেবল আৰু ধুনীয়া পোছাক।”

তেওঁ লগতে আঙুলিয়াই দিছিল যে দেশৰ কিছুমান অংশই শাৰীক “স্মাৰ্ট-ৱেৰ” বুলি গণ্য নকৰে।

তেওঁ লগতে কয়, “মই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগক মোক ‘স্মাৰ্ট পোছাক’ৰ দৃঢ় সংজ্ঞা ক’বলৈ অনুৰোধ জনাইছো। যাতে মই শাৰী পিন্ধা বন্ধ কৰিব পাৰো।”

উল্লেখ্য যে, এইটোৱেই প্ৰথম ঘটনা নহয়। পূৰ্বতেও এনে ধৰণৰ ঘটনা দিল্লীত সংঘটিত হৈছে। ইয়াৰ পূৰ্বে ২০২০ চনৰ মাৰ্চ মাহত একেধৰণৰ আন এক ঘটনা সংঘটিত হৈছিল। য’ত এগৰাকী মহিলাই শাৰী পিন্ধি যোৱাৰ বাবেই বসন্ত কুঞ্জৰ এটা মলৰ ৰেষ্টো-বাৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।