পিতৃৰ পদাংক অনুসৰণ, আছাম ৰাইফলছত যােগদান কৰি দেশৰ সুৰক্ষাত নিয়ােজিত এগৰাকী যুৱতী

নিউজ ডেস্ক। এগৰাকী যুৱতী। নাম আথিৰা কে. পিল্লাই। ঘৰ কেৰেলাৰ আলাপুঝাত।

তেওঁ ডাঙৰ হৈ নিজৰ দেউতাকৰ পদাংক অনুসৰণ কৰি এগৰাকী সৈনিক হোৱাৰ সপোন দেখিছিল।

তেওঁ সপোন পূৰণৰ বাবে কৰিছিল আহোপুৰুষাৰ্থ। আৰু অৱশেষত তেঁওৰ সেই সপোন পূৰণ হৈছিল।

মূলতঃ চাৰি বছৰ পূৰ্বে যেতিয়া তেওঁ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছত যোগদান কৰিছিল তেতিয়া তেওঁৰ প্ৰিয় সপোনটো সঁচা হৈছিল।

আলাপুঝাৰ ভৰানিকাভুৰ ২১ বছৰীয়া আথিৰা কে. পিল্লাইয়ে প্ৰথম নিযুক্তি পাইছিল উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু নাগালেণ্ডত।

তেতিয়া তেওঁ উৎসাহিত হৈ উত্তৰ-পূবলৈ ৰাওনা হৈছিল। কিয়নো তেওঁ এগৰাকী সেৱাকৰ্মী মহিলা হিচাপে দেশৰ বাবে সেৱা কৰাৰ সুযোগ লাভ কৰিছিল।

অস্থিৰ নাগালেণ্ড আৰু মণিপুৰত সেৱা আগবঢ়োৱাৰ পিছত তেওঁ এই বছৰৰ আৰম্ভণিতে সংঘৰ্ষ জৰ্জৰ জম্মু-কাশ্মীৰলৈ স্থানান্তৰিত হয়।

তেওঁ কাশ্মীৰ উপত্যকাৰ গান্দেৰবালত নিয়োজিত আছাম ৰাইফলছৰ এটা ‘ৰাইফল মহিলা’ গোটৰ সদস্য। গোটটোৰ একমাত্ৰ কেৰালাবাসী পিল্লাইয়ে তথ্য যুদ্ধ দলত সৈনিক হিচাপে প্ৰৱল উদ্যমেৰে কাম কৰি আহিছে।

তথ্য যুদ্ধ দলৰ অংশ হোৱাৰ বাবে তেওঁ স্থানীয় লোক, বিশেষকৈ মহিলাসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলি ব্যৱধান দূৰ কৰাৰ লগতে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহৰ সৈতে জড়িত।

২৫ বছৰীয়া পিল্লাইয়ে কয় যে, “মোৰ দেউতা কেশৱ পিল্লাই আছাম ৰাইফলছৰ সৈনিক হিচাপে দেশৰ সেৱা আগবঢ়াইছিল। ১৩ বছৰ আগতে তেওঁৰ মৃত্যু হৈছিল। মই সদায় মোৰ দেউতাৰ দৰে এজন সৈনিক হ’ব বিচাৰিছিলো। মই এই ইউনিফৰ্মযোৰ ভাল পাওঁ আৰু মোৰ দেশৰ বাবে সেৱা মই কৰি গৌৰৱান্বিত। মোৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে নিৰ্ভীকতা।”

তেওঁ লগতে কয় যে, “আমি গান্দেৰবাললৈ অহাৰ আগতে স্থানীয় লোকসকলে কেতিয়াও মহিলা সৈনিক দেখা নাছিল। মহিলা আৰু ছোৱালীবোৰে কথা পাতিবলৈ অনিচ্ছুক আছিল। তেওঁলোকে আমাক ভয় কৰিছিল। এতিয়া পৰিস্থিতি সলনি হৈছে। তেওঁলোকে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিছে আৰু ছোৱালীবোৰে আমাৰ সৈতে ছেলফি লবলৈ লৈছে। আমি ভয়ৰ কাৰকটো হ্ৰাস কৰিবলৈ চেষ্টা কৰো আৰু স্থানীয় জনসাধাৰণৰ ওপৰত আস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰো। বহুতো যুৱতীয়ে আমাৰ ফালে চাই অনুপ্ৰেৰণা লাভ কৰে আৰু ডাঙৰ সপোন দেখিবলৈ বিচাৰে।”

উল্লেখ্য যে পিল্লাই আৰু সৰ্ব-মহিলা গোটৰ আন সদস্যসকলক নিয়মীয়াকৈ টহল দিয়াৰ বাবে নিয়োজিত কৰা হয়। আনহাতে নিৰাপত্তা সম্পৰ্কীয় অভিযানৰ সময়ত পুৰুষ সৈনিকসকলক সহায় কৰিবলৈও তেওঁলোকক মাতি অনা হয়।

তেওঁলোকে মহিলা আৰু শিশুসকলক তালাচী কৰা, বেষ্টনী আৰু অনুসন্ধান অভিযান চলোৱাত সহায় কৰে। তেওঁ কয়, “আমি মহিলাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰো আৰু সদায় মানৱীয় দৃষ্টিৰে পেছাগত ভাৱে কাম কৰো।”

Leave a Comment