পুত্ৰৰ মৃত্যুৰ পিছত ক্ষতিপূৰণ হিচাপে লাভ কৰা ২৭.৩০ লাখ টকা দৰিদ্ৰ শিশুৰ বাবে আগবঢ়ালে পিতৃ-মাতৃয়ে

নিউজ ডেস্ক। এক ইতিবাচক খবৰ। পথ দুৰ্ঘটনাত মৃত্যু হৈছিল পুত্ৰ। ইয়াৰ পিছতেই গাড়ীৰ বীমা সংস্থাৰ পৰা পিতৃ-মাতৃয়ে লাভ কৰিছিল ২৭.৩০ লক্ষ টকা। কিন্তু সেই টকা নিজৰ বাবে নল’লে পিতৃ-মাতৃয়ে।

তাৰ পৰিৱৰ্তে পিতৃ-মাতৃয়ে ললে এক মহৎ পদক্ষেপ।

দৰিদ্ৰ তথা জনজাতীয় শিশুৰ শিক্ষা আৰু অন্যান্য সুবিধা প্ৰদান কৰিবলৈ তেওঁলোকে আগবঢ়ালে সেই টকা।

সেই কাৰ্যৰ বাবে তেওঁলোকে খুলিলে এক ন্যাস। ন্যাসৰ দ্বাৰাই সেই কাম কৰে তেওঁলোকে। এই ঘটনা পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পৰা।

জানিব পৰা মতে, ২০১৮ বৰ্ষৰ ৩০ জুনত মুম্বাইৰ পূব এক্সপ্ৰেছ হাইৱেৰ ভাণ্ডুপ অঞ্চলত মৃত্যু হৈছিল যুৱকজনৰ।

যুৱকজন ২১ বছৰীয়া আছিল। পথৰ ডিভাইডাৰত খুন্দা মাৰি এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত মৃত্যু হৈছিল যুৱকজনৰ।

ইয়াৰ পিছতেই আদালতত গাড়ীৰ বীমাকৰ্তাৰ পৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল পৰিয়ালৰ লোকে।

সেই অনুসৰি আদালতৰ শুনানিত এইটো জানিব পৰা যায় যে গাড়ী বীমাকৰ্তাই যুৱকজনৰ অভিভাৱকক ২৭.৩০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ সন্মত হৈছিল। কিন্তু পিতৃ-মাতৃয়ে সেই ধন সঞ্চয় বা নিজৰ নামত নাৰাখে।

তাৰ পৰিৱৰ্তে তেওঁলোকে সেই ধন দৰিদ্ৰ শিশুসকলৰ শিক্ষা আৰু ক্ৰীড়া কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰাৰ বাবে এটা ন্যাস খোলাৰ সিদ্ধান্ত লয়।

তেওঁলোকৰ অধিবক্তাই জনোৱা অনুসৰি, তেওঁলোকে তেওঁলোকৰ পুত্ৰৰ স্মৃতিত এটা ন্যাস স্থাপন কৰিছে। দৰিদ্ৰ আৰু জনজাতীয় শিশুসকলৰ শিক্ষা আৰু ক্ৰীড়া কাৰ্যকলাপৰ বাবে ক্ষতিপূৰণ হিচাপে লাভ কৰা ধনৰাশি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।

Leave a Comment