হঠাৎ পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ নৱজ্যোত সিং সিদ্ধুৰ

নিউজ ডেস্ক। ঘনে ঘনে ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছে পঞ্জাৱত। বেছ কিছুদিন ধৰি ৰাজনৈতিক বতাহ গৰম হৈ আছে পঞ্জাৱত।

অলপতে দলীয় বিসম্বাদ তথা বিধায়কৰ বিৰোধিতাৰ বাবে পঞ্জাৱত কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা।

ইয়াৰ পিছতেই নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল চৰণজিৎ সিং চান্নিয়ে। আৰু এইবাৰ পঞ্জাৱৰ ৰাজ্যিক কংগ্ৰেছ সভাপতিৰ পদৰ পৰা আচম্বিতে পদত্যাগ কৰিলে নৱজ্যোৎ সিং সিদ্ধুৱে।

মংগলবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি নিজৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে তেওঁ।

পত্ৰত তেওঁ দাবী কৰে যে, পঞ্জাৱৰ ভৱিষ্যত আৰু উন্নয়নৰ সৈতে তেওঁ কোনো ধৰণৰ আপোচ কৰিবলৈ ৰাজি নহয়।

সেয়েহে তেওঁ পদত্যাগৰ সিদ্ধান্ত লয়। অৱশ্যে তেওঁ কংগ্ৰেছৰ বাবে সেৱা আগবঢ়ায় যাব বুলিও উল্লেখ কৰে।

নিশ্চিতভাৱে সিদ্ধুৰ পদত্যাগে পঞ্জাৱ কংগ্ৰেছৰ সমস্যা আৰু জটিল কৰি তুলিলে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সিদ্ধু শিবিৰৰ সৈতে সংঘাত হোৱাৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে।

ইয়াৰ পিছতেই কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধুৰ ঘনিষ্ঠ চৰণজিৎ চান্নিক নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। কিন্তু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতৃত্ব আৰু নতুন মুখ্যমন্ত্ৰীৰ সৈতে মতবিৰোধ সৃষ্টি হয় সিদ্ধুৰ।

তাৰ বাবেই সিদ্ধুৱে পদত্যাগ কৰিছে বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত। মূলত পঞ্জাৱ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত দলৰ আভ্যন্তৰীণ কন্দলত বিপৰ্যস্ত হৈ পৰিছে কংগ্ৰেছ।

সূত্ৰ অনুসৰি, সিদ্ধুৰ সৈতে কংগ্ৰেছ নেতৃত্বৰ মত বিৰোধৰ সূত্ৰপাত হৈছিল দেওবাৰে পাঞ্জাৱৰ নতুন মন্ত্ৰী সকলৰ শপত গ্ৰহণৰ পূৰ্বেই।

দুৰ্নীতিৰ অভিযোগ থকা গুৰজিৎ সিঙক মন্ত্ৰী হিচাপে মানি লোৱাত আপত্তি আছে বুলি সিদ্ধুক চিঠি দি জনাইছিল কেইবাজনো কংগ্ৰেছ বিধায়কে।

গুৰজিৎ সিং আছিল সিদ্ধুৰ ঘনিষ্ঠ। ইয়াৰোপৰি নিজৰ পছন্দৰ বিধায়ক ৰাজ কুনাৰ চাবেৱালক মন্ত্ৰীত্ব নিদিয়াৰ বাবেও ক্ষুব্ধ হৈ পৰে সিদ্ধু। মুখ্যমন্ত্ৰী চান্নিৰ আত্মীয় অৰুণ চৌধুৰীক মন্ত্ৰীত্ব দিয়াতো আপত্তি আছিল সিদ্ধুৰ।

Leave a Comment