পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ জালত পৰিল লাট মণ্ডল

নিউজ ডেস্ক। ভিজিলেঞ্চৰ অভিযানত নিতৌ চৰকাৰী কাৰ্যালয়ত ঘােচ লৈ বিষয়া-কৰ্মচাৰী হাতে-লােটে ধৰা পৰাৰ পিছতাে সহজ ধনৰ লালসা হ্ৰাস পােৱা নাই একাংশৰ।

পূৰ্বৰ দৰেই দৰমহা বহিৰ্ভূত অতিৰিক্ত টকা উপাৰ্জনৰ বাবে সাধাৰণ লােকক হাৰাশাস্তি কৰিছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে।

বুধবাৰে পুনৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী।

এইবাৰ অভিযান চলিল দৰং জিলাৰ পাথাৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত।

অভিযোগকাৰীৰ ভূমি মিউটেচনৰ বাবদ ১৮ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল হৰি দাস সিনহা।

উল্লেখ্য যে পাতি দৰং, লোজোৰা, বড়িগাঁও, দেওমৰনৈ কুমাৰ পাৰাৰ লাট মণ্ডল এইগৰাকী দুৰ্নীতিগ্ৰস্ত হৰি দাস সিনহা।

টুইটাৰত ঘোচখোৰ লাটমণ্ডল গৰাকীক গ্ৰেপ্তাৰ কথা সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।