পুনৰ ৰঙীন হৈ পৰিল কল্পনাৰ জীৱন! কল্পনাৰ উকা কপালত সেন্দুৰ দি নিজৰ কৰি ল’লে নলবাৰীৰ প্ৰশান্তই…

নিউজ ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহেৰে এতিয়া চৰ্চিত হৈছে নলবাৰীৰ প্ৰশান্ত শৰ্মা আৰু কল্পনা ভাগৱতী।

শেহতীয়াকৈ নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ কালী মন্দিৰত সম্পন্ন হৈ যায় কল্পনা আৰু প্ৰশান্তৰ বিয়াখন।

য’ত ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে বৈধব্যৰ দুৰ্বিসহ জীৱন পাৰ কৰা কল্পনা ভাগৱতীক জীৱন সংগীৰূপে আঁকোৱালি লয় ম’হখুলীৰ প্ৰশান্ত শৰ্মাই।

পৰিয়ালৰ সন্মতি আৰু সামাজিক ৰীতি-নীতিৰে আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজত সম্পন্ন হয় কল্পনা আৰু প্ৰশান্তৰ বিয়াখন।

জানিব পৰা মতে, কিছু বছৰ পূৰ্বে স্বামীক হেৰুৱাইছিল কল্পনা ভাগৱতী নামৰ মহিলাগৰাকীয়ে।

এটি ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে বৈধব্যৰ যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰাৰ সময়তে তেওঁৰ কাষত সহায়ৰ হাত হৈ ঠিয় দিছিল প্ৰশান্ত শৰ্মাই।

তাৰ পিছতে পৰিয়ালৰ অনুমতি সাপেক্ষে দুয়ো বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে।

কল্পনা আৰু প্ৰশান্তৰ এই অনন্য বিবাহখনে এতিয়া সমগ্ৰ নলবাৰীতে চৰ্চা লাভ কৰিছে।

সমাজৰ হেঙাৰ নেওচি এনেদৰে এগৰাকী বিধৱা মহিলাক এজন যুৱকে আঁকোৱালি লোৱা কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে সচেতন মহলে।