পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

নিউজ ডেস্ক। সম্প্ৰতি গুৱাহাটীৰ এখন হােটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত এজন যুৱকৰ নৃত্যৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত।

নৃত্যকলাত প্ৰতিশ্ৰুতিসম্পন্ন এই যুৱকজনৰ নাম সুৰজিত। ১৯ বছৰীয়া যুৱক সুৰজিতৰ ঘৰ ত্ৰিপুৰাত। কৰ্মসূত্ৰে গুৱাহাটীত থাকে সুৰজিত।

সুৰজিতে কাম কৰে গুৱাহাটীৰ এখন হােটেলত অতিথি সেৱাৰ কৰ্মী হিচাপে কৰ্মৰত।

ভিডিঅ’টোত দেখা গৈছে যে সুৰজিতে গ্ৰাহকৰ সন্মুখত বিভিন্ন ভংগিমাৰে নৃত্য প্ৰদৰ্শন কৰিছে। যিটো দৃশ্যই আপ্লুত কৰিছে সকলোকে।

ইনষ্টাগ্রামত শ্বেয়াৰ হোৱা ভিডিঅ’টোত সুৰজিতৰ আদৰ্শ ৰাঘৱ যয়াল বুলি জানিবলৈ দিছে।

সুৰজিতে কয় যে, ‘হােটেলৰ কৰ্মচাৰী সকলে মোক যথেষ্ট উৎসাহ যােগায় আহিছে। সেয়েহে মই সুখী। লগতে ইয়ালৈ অহা অতিথি সকলেও মোক সহযোগ কৰিছে। মোলৈ সকলোৱে চায়। আনকি মোৰ লগত ছেলফিও লয়। সামাজিক মাধ্যমত মোৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে মই আজি ধন্য।’

উল্লেখ্য যে সুৰজিতৰ নৃত্য প্ৰদৰ্শনৰ এক ভিডিঅ’ এজন গ্ৰাহকে শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। তাৰ পিছতেই ভাইৰেল হৈ পৰে ভিডিঅ’টো।

বহুতে সুৰজিতৰ নৃত্য উপভোগ কৰিবলৈয়ে এবচল্যুত বাৰ্বিকিউ নামৰ হােটেলখনলৈ অহা বুলি জনায়।

এবচল্যুত বাৰ্বিকিউৰ প্ৰবন্ধক উৎপল দাসেও সুৰজিতক ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণৰ সুযোগ দিব বুলি জনায়।

লগতে চাওকঃ

ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

বিচিত্ৰ প্ৰকৃতি! বান্দৰ পোৱালিৰ মাতৃ হ’ল কুকুৰ, ৬ মাহ ধৰি একেলগে বাস

Leave a Comment