পেট্ৰ’ল পাম্প আৰু এলপিজি গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত কৰি আহিছিল কোটি টকাৰ প্ৰৱঞ্চনা, অৱশেষত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক দীপজ্যোতি…

নিউজ ডেস্কঃ ভাৰতীয় তৈল নিগম লিমিটেড চমুকৈ আইঅ’চিএলত চাকৰি প্ৰদানৰ নামত অসম আৰু অৰুণাচল প্ৰদেশৰ নিবনুৱা যুৱক-যুৱতীক কোটি কোটি টকা প্ৰৱঞ্চনা কৰা এজন ভুৱা আইএ’চিএল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল আৰক্ষীয়ে।

অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে দীপজ্যোতি দাস (৩০) নামৰ প্ৰৱঞ্চকজনক। জানিব পৰা মতে, অভিযুক্ত দীপজ্যোতি দাসৰ ঘৰ কামৰূপ জিলাৰ সানপাৰা গাঁৱত।

অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি বিশেষ তদন্তকাৰী দলৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে জানিবলৈ দিয়া মতে, এইজন প্ৰৱঞ্চকে অসম আৰু অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক লক্ষ্য কৰি লৈ পেট্ৰ’ল পাম্প আৰু এল পি জি গেছ এজেন্সীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ নামতো বৃহৎ ধন সৰকাইছিল।

শেহতীয়াকৈ ভুক্তভূগীয়ে দীপজ্যোতি দাসৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিশেষ তদন্তকাৰী দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চকজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰৱঞ্চক দীপজ্যোতি দাসে প্ৰায় ৩১ জন লোকৰ সৈতে যোগাযোগ কৰি বৃহৎ পৰিমাণৰ ধনৰ প্ৰৱঞ্চনা কৰিছিল। শেহতীয়াকৈ প্ৰৱঞ্চকজনে অৰুণাচলৰ এজন ব্যক্তিৰ পৰা ৫০ লাখ টকা প্ৰতাৰণা কৰাৰ লগতে আন এঠাইত ১.১৮ কোটি টকাৰ প্ৰতাৰণা কৰিছে। দীপজ্যোতি দাসে আৰু অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।

অৰুণাচল আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ইতিমধ্যে প্ৰৱঞ্চক দাসৰ পৰা ৭ লাখ ১৪ হাজাৰ টকা নগদ ধন জব্দ কৰাৰ লগতে প্ৰৱঞ্চনাৰ ধনেৰে নিৰ্মাণ কৰা এটা অট্টালিকাৰ সম্ভেদ লাভ কৰিছে। ইতিমধ্যে নথি-পত্ৰ প্ৰস্তুত কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰা হৈছে আৰু আন ৩০ জন লোকৰ অভিযোগ মৰ্মে পুনৰ তদন্তৰ কৰি অতিৰিক্ত চাৰ্জশ্বীটো দাখিল কৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

এই প্ৰৱঞ্চনা গোচৰত বিশেষ তদন্তকাৰী দলে আন ৪জন লোককো নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হ’লে উপযুক্ত তদন্তৰ পিছত তেওঁলোককো আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।

অৰুণাচল আৰক্ষীয়ে অভিযুক্ত দীপজ্যোতি দাসৰ বিৰুদ্ধে প্ৰৱঞ্চনা, ধন আত্মসাৎ আদি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা দুটা মোবাইল ফোন, ৭ খন ডেবিট কাৰ্ড, ১ খন পেন কাৰ্ড, ১ খন ড্ৰাইভিং লাইচেন্স, আইঅ’চিএলৰ ১ খন আই ডি কাৰ্ড আৰু অন্যান্য নথি পত্ৰ জব্দ কৰা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।