প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ

প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ

January 10, 2022 0 By NEWS DESK

কেৱল দেশৰ সীমান্তৰ ৰক্ষাই নহয়, দেশবাসীৰ দুখ-দুৰ্যােগৰ সময়তাে সহায়ত হাত আগবঢ়ায় ভাৰতীয় সেনাই।

পুনৰবাৰ তেনে কাৰ্য কৰি সকলােৰে প্ৰশংসাৰ পাত্ৰ হৈছে ভাৰতীয় সেনা।

শেহতীয়াকৈ দেশৰ বিভিন্ন অঞ্চলত তুষাৰপাতৰ মাজতে আবদ্ধ হৈ পৰে শ শ পৰ্যটক, জনসাধাৰণ তথা ৰােগীলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই।

তেনে কাৰ্যৰ বহু ফটাে, ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতাে।

FIk5-Lg-DVQAMp-Ze

প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে জম্মু-কাশ্মীৰত সেনাবাহিনীৰ এটা দলে এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাক সময়ত চিকিৎসালয়লৈ নি প্ৰাণ ৰক্ষা কৰে।

এখন ষ্ট্ৰেচাৰত সেনাৰ জোৱানে মহিলাগৰাকীক ষ্ট্ৰেচাৰত উঠাই কান্ধত তুলি বৰফৰ মাজে মাজে খোজ কাঢ়ি ছপিয়ানৰ চিকিৎসালয়লৈ নিয়ে।

জানিব পৰা মতে, চিকিৎসালয়ত মহিলাগৰাকীয়ে এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়ে।

FIk5-On2-Vk-AEYbis

উল্লেখনীয় যে বিগত এপষেক ধৰি ৰাজ্যখন প্ৰচণ্ড শীতৰ বাবে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে।

বৰফে হ্ৰদ, খাল, পথ, ঘৰৰ ছাল আদি সকলো ঢাকি পেলায়।

এনে জটিল পৰিস্থিতিৰ মাজতে বনিয়াৰ টেহচিলৰ এগৰাকী মহিলা তীব্ৰ প্ৰসৱ বেদনাত আক্ৰান্ত হয়।

কিন্তু প্ৰচণ্ড তুষাৰপাতৰ বাবে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিবলৈ কোনো উপায় বিচাৰি পোৱা নাছিল।

এনে পৰিস্থিতিত পৰিয়ালটোৱে মহিলাগৰাকীক ৰক্ষা কৰিবৰ বাবে ওচৰৰ সেনাবাহিনীক খবৰ দিয়ে।

সেনা বাহিনীৰ ‘চিনাৰ ক’ৰ’ৰ এটা গোটে লগে লগে খোজ কাঢ়ি পৰিয়ালটোৰ ঘৰত উপস্থিত হয়গৈ আৰু এখন ষ্ট্ৰেচাৰত মহিলাগৰাকীক উঠাই ছয় কিলোমিটাৰ আঁতৰৰ বনিয়াৰ চিকিৎসালয়লৈ নিয়ে।

পিছত সেনাৰ সূত্ৰই কয় যে বেট্ল ফিল্ড নাৰ্ছিং এছিষ্টেণ্ট (বি এফ এন এ) সদস্যসহ সেনাৰ গোটটোৱে প্ৰচণ্ড তুষাৰপাতৰ মাজেৰে ঘাগৰ হিলৰ ছালাচনেলৈ গৈ মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিলগৈ।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মহিলাগৰাকীৰ এটা পুত্ৰ সন্তান জন্ম হয় আৰু মাতৃগৰাকীৰো জীৱন ৰক্ষা কৰে।

ইয়াৰ পিছতে পৰিয়াল আৰু স্থানীয় লোকে সেনাবাহিনীৰ প্ৰতি গভীৰ কৃৃতজ্ঞতা প্ৰকাশ কৰে।

ইপিনে, জম্মু-কাশ্মীৰৰ উপৰি ছিক্কিমৰ, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশতাে তুষাৰপাতৰ মাজত আবদ্ধ হৈ পৰা শ শ পৰ্যটকলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে সেনাৰ এনে কাৰ্যৰ ফটাে সামাজিক মাধ্যমত প্ৰকাশ কৰি সেনাৰ এনে মহৎ কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।