প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে- দাতাই দিলেও বিধাতাই নিদিয়ে।

এই কথাই যেন বাস্তৱায়িত হ’ল অসম আৰক্ষীৰ এগৰাকী নৱ-নিযুক্ত উপ-পৰিদৰ্শকৰ ক্ষেত্ৰত।

সৰুৰে পৰা আৰক্ষী পিতৃৰ দৰেই নিজে এগৰাকী আৰক্ষী বিষয়া হােৱাৰ সপােন দেখা কােকৰাঝাৰৰ মনেশ্বৰ পণ্ডিৰ এই সপােন পূৰ্ণ হ’ল যদিও প্ৰশিক্ষণৰ সময়তে নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি নিলে তেওঁৰ প্ৰাণ।

মনেশ্বৰ পণ্ডিত

উল্লেখ্য যে শ্বিলঙৰ বৰাপানীত থকা নর্থ-ইষ্টাৰ্ণ পুলিচ একাডেমীত প্রশিক্ষণৰত অৱস্থাতে মৃত্যু অসম আৰক্ষীৰ নৱনিযুক্ত উপ-পৰিদৰ্শক মনেশ্বৰ পণ্ডিতৰ।

মনেশ্বৰ পণ্ডিতৰ ঘৰ কোকৰাঝাৰ শান্তিনগৰত।

জানিব পৰা মতে, বুধবাৰে সাঁতোৰ প্রশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় মনেশ্বৰৰ।

মৃত মনেশ্বৰ পণ্ডিতৰ পিতৃও অসম আৰক্ষীতে কৰ্মৰত। ওদালগুৰী জিলাত কৰ্মৰত হৈ আছে মনেশ্বৰ পণ্ডিতৰ পিতৃ।

মনেশ্বৰ পণ্ডিত

পৰিয়ালটোৰ একমাত্র সন্তান আছিল মনেশ্বৰ।

মনেশ্বৰ পণ্ডিতৰ ঘৰত এতিয়া মাথো কান্দোনৰ ৰোল।

জানিব পৰা মতে, যোৱা ২০২১ত নিযুক্তি লাভ কৰা প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰৰ প্রশিক্ষণ চলিত মাহৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাৰ কথা আছিল।

লগতে চাওকঃ

কলেজলৈ যােৱাৰ পথত ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু অভিজিতৰ…

Leave a Comment