পুনৰ ছেলফি কাণ্ড! পাহাৰৰ পৰা পিচলি পৰি মৃত্যু নৱ বিবাহিতাৰ…

নিউজ ডেস্ক। গাৰ পৰা মাহ হালধিৰ গোন্ধ মাৰ নাযাওঁতেই মৃত্যুক সাৱটি ল’লে এগৰাকী ন-কইনাই।

মধুচন্দ্ৰিকা যাপনৰ সময়তে ছেলফি ল’বলৈ ধৰোতেই পাহাৰৰ দ খাৱৈত পৰি যায় মৃত্যু ঘটে ন-কইনাগৰাকীৰ।

এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ কিন্নােৰ জিলাত।

জানিব পৰা মতে, পশ্চিমবঙ্গৰ দমদম পাইকপাৰা অঞ্চলৰ ৰাহুল পোদ্দাৰে ২০ ফেব্ৰুৱাৰীত আগৰপাৰা নৰ্থ ষ্টেচন ৰোড অঞ্চলৰ জয়ীতা দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।

নৱদম্পতিহাল ৪ মাৰ্চত হিমাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিল হনিমুনৰ উদ্দেশ্যে।

তাৰ পিছত শুকুৰবাৰে সন্ধিয়া হিমাচল প্ৰদেশৰ কিন্নােৰ জিলাৰ আৰক্ষী থানাৰ পৰা জয়ীতা দাসৰ ঘৰত এই শোকাৱহ খবৰ দিয়া হয়।

লগে লগে হাহাকাৰ লাগে নৱ দম্পতীৰ পৰিয়ালত।

এই সন্দৰ্ভত স্বামীয়ে প্ৰকাশ কৰা মতে ছেলফি লোৱাৰ সময়ত গভীৰ খাৱৈত পৰি যোৱাৰ ফলতে কইনাগৰাকীৰ মৃত্যু হৈছিল।

ফটো তুলি থাকোতে প্ৰায় ৪੦੦-৫੦੦ ফুট তলৰ এটা গভীৰ খাৱৈত পৰাৰ বাবে যথেষ্ট ৰক্তক্ষৰণ হৈ কইনা গৰাকীৰ মৃত্যু ঘটে।

মৃতকৰ পৰিয়ালৰ সদস্যসহ অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে ঘটনাটোত সন্দেহ প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে।

জানিব পৰা মতে কইনাৰ দেউতাকৰ ঘৰৰ কিছুমান সদস্য আৰু শহুৰেক ঘটনাস্থলিলৈ ৰাওনা হৈছে।

অৱশ্যে, ফটো তুলি থাকোঁতে, পৰ্বতৰ খাদত হোৱা মৃত্যুৰ আঁৰত আন কোনো কাৰণ আছে বুলি সন্দেহ ঘনিভূত হৈছে।

জয়ীতাৰ পৰিয়ালে ছোৱালীজনীৰ মৃত্যুৰ সঠিক তদন্তৰ দাবী জনাইছে।

Leave a Comment