প্ৰশিক্ষণৰ সময়তে ভূপতিত বিমান, মহিলা পাইলটৰ মৃত্যু

নিউজ ডেস্ক। শনিবাৰে তেলেংগানাৰ নালগোণ্ডাত প্ৰশিক্ষণৰ সময়তে ভূপতিত হল এখন বিমান।

পুৱা প্ৰায় ১০.৫০ বজাত নালগোণ্ডাৰ পেদ্দাভুৰা মণ্ডলৰ থুঙ্গাথুৰ্থী গাঁৱত প্ৰশিক্ষণত ব্যৱহৃত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত বিমানৰ মহিলা প্ৰশিক্ষক পাইলট গৰাকীয়ে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, পুৱা প্ৰশিক্ষণৰ সময়তে বিমানখনত সংঘটিত বিজুতিৰ বাবে থুঙ্গাথুৰ্থী গাঁৱৰ এখন পথাৰত বিমানখন ভূপতিত হয়। যাৰ ফলত বিমানখন সম্পূৰ্ণৰূপে ধ্বংসাৱশেষত পৰিণত হয়।

দুৰ্ঘটনাত নিহত মহিলা প্ৰশিক্ষক পাইলট গৰাকীক তামিলনাডুৰ মহিমা গজৰাজ বুলি চিনাক্ত কৰা হৈছে।

নলগোণ্ডা জিলাৰ আৰক্ষী অধীক্ষক ৰেমা ৰাজেশ্বৰীয়ে জানিবলৈ দিয়া মতে, একক আসনৰ চেচনা ১৫২ বিমানখন হায়দৰাবাদৰ ফ্লাইটেক এভিয়েচন একাডেমী নামৰ বিমান প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ আছিল।

বিমানখন অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ মাচেৰলাৰ পৰা উৰা মৰাৰ পিছতে দুৰ্ঘটনাত পতিত হয়।

ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিমানখন ভূপতিত হোৱাৰ পূৰ্বে বহুসময় অকাশমাৰ্গত ঘূৰি আছিল।

আনহাতে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় পাইলট মহিমাই। অৱশ্যে দুৰ্ঘটনাৰ পিছত বিমানখনত কোনো জুইৰ সূত্ৰপাত হোৱা নাছিল।

পৰৱৰ্তী সময়ত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পাইলট মহিমাৰ মৃতদেহ বিমানৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰে।

বিমানখনৰ দুৰ্ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰা হৈছে।

Leave a Comment